নিয়মীয়া বাৰ্তা, ২৯ আগষ্টঃ জেইই আৰু নীট প্রৱেশ পৰীক্ষা অনুষ্ঠিত কৰাৰ কেন্দ্রীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে শুকুৰবাৰে দেশজুৰি কংগ্রেছে প্রতিবাদী কার্যসূচী গ্রহণ কৰে৷ অবিজেপি চৰকাৰৰ বৈঠকত কংগ্রেছৰ অন্তর্ৱর্তীকালীন সভানেত্রী ছোনিয়া গান্ধীয়ে জেইই–নীট পৰীক্ষা স্থগিত ৰখাৰ প্রসংগ উত্থাপন কৰাৰ পাছত শুকুৰবাৰে দেশজুৰি এই পৰীক্ষা স্থগিত ৰখাৰ দাবীত কংগ্রেছ কর্মীসকলে প্রতিবাদ সাব্যস্ত কৰে৷
নতুন দিল্লীৰ শিক্ষা মন্ত্রালয়ৰ কার্যালয়ৰ বাহিৰত কংগ্রেছৰ কর্মীসকলে প্রতিবাদ কৰাত আৰক্ষীয়ে প্রতিবাদকাৰীসকলক্ আটক কৰি আঁতৰাই লৈ যায়৷ ইপিনে প্রতিবাদী কার্যসূচী গ্রহণ কৰাৰ সমান্তৰালকৈ কংগ্রেছে ছ’চিয়েল মিডিয়াতো এই পৰীক্ষা স্থগিতৰ বাবে অভিযান আৰম্ভ কৰিছে৷ কংগ্রেছৰ সভানেত্রী ছোনিয়া গান্ধীয়ে শিক্ষার্থীসকলৰ উদ্বিগ্ণতাৰ কথা চৰকাৰে শুনিব লাগে বুলি এক ভিডিঅ’ মুকলি কৰিছে৷ দেশৰ বিভিন্ন প্রদেশতো কংগ্রেছ কর্মী–নেতাসকলে পৰীক্ষা স্থগিত কৰাৰ দাবী তুলি প্রতিবাদ সাব্যস্ত কৰে৷
ইপিনে শিক্ষার্থীসকলৰ জীৱনলৈ বিপদ নমাই আনি অনুষ্ঠিত কৰিবলগীয়া জেইই–নীট পৰীক্ষা স্থগিত কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত পুনৰীক্ষণ আবেদন দাখিল কৰে ৬ অবিজেপি চৰকাৰে৷ উল্লেখ্য যে যোৱা ১৭ আগষ্টত উচ্চতম ন্যায়ালয়ে জেইই–নীট পৰীক্ষা ক’ভিড–প্রট’কল অনুসৰি অনুষ্ঠিত কৰিবলৈ নির্দেশ দিছিল৷ সেই নির্দেশক প্রত্যাহ্বান জনাই পুনৰীক্ষণৰ বাবে কালি পশ্চিমবংগ, ঝাৰখণ্ড, ছত্তিশগড়, মহাৰাষ্ট্র, পঞ্জাব আৰু ৰাজস্থান চৰকাৰে সর্বোচ্চ ন্যায়ালয়ক আবেদন জনাইছে৷ তাৎপর্যপূর্ণ যে ইতিমধ্যে নেচনেল টেষ্ট এজেন্সী (এনটিএ)য়ে অহা ১–৬ ছেপ্ঢেম্বৰত অনুষ্ঠিত হ’বলগীয়া জেইই আৰু ১৩ ছেপ্ঢেম্বৰত হ’বলগীয়া নীটৰ বাবে নির্দেশনা জাৰি কৰিছে৷