‘নিয়মীয়া বার্তা’ৰ বাতৰিৰ প্রভাৱ: ছয়গাঁও বকোত পৰিবহণ বিভাগৰ অভিযান
নিয়মীয়া বাৰ্তা ২৯ আগষ্টঃ পৰহি নিয়মীয়া বার্তা কাকতত ‘দক্ষিণ কামৰূপৰ একাংশ গাডীচালকৰ মইমতালি’ শীর্ষক এক বাতৰি সবিস্তাৰে প্রকাশ হোৱাৰ পিছতে কালি কামৰূপ জিলা পৰিবহণ বিভাগৰ বিষয়া কার্যালয়ৰ পৰা বিষয়া তথা কর্মচাৰী উপস্থিত হৈ ছয়গাঁও আৰু বকোত নিময় নমনা গাডীৰ বিৰুদ্ধে অভিযান চলাই ৪১খন বাছ আৰু মটৰচাইকেলৰ ই–চালান কাটে৷ উল্লেখ্য যে অভিযানৰ সময়ত বাছকেইখনত প্রায় ৪০জন যাত্রী আনিছিল আৰু মটৰচাইকেলকেইখন আৰোহীয়ে বাইক চলোৱা সময়ত হেলমেট পৰিধান কৰা নাছিল৷ যাৰ বাবে পৰিবহণ বিভাগে অভিযান চলাই তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰে৷ কালি এই অভিযানত কামৰূপ জিলা পৰিবহণ কার্যালয়ৰ পৰিদর্শক বিক্রম আদিত্য গগৈ, পৰিদর্শক এম হুছেইন, সহকাৰী পৰিদর্শক জয়ন্ত পাটগিৰিৰ লগতে বিষয়া–কর্মচাৰী উপস্থিত থাকে৷ উল্লেখ্য যে প্রশাসনে বান্ধি দিয়া সামাজিক দূৰত্ব নামানি একাংশ লোকে ক’ৰোনাৰ দোহাই দি ধন ঘটাত ব্যস্ত৷ বিশেষকৈ দক্ষিণ কামৰূপৰ একাংশ গাডীৰ মালিক তথা চালকৰ মইমতালিৰ বাবে যাত্রীসকল অতিষ্ঠ হৈ পৰিছে৷ ক’ৰোনাৰ সংক্রমণ ৰোধৰ বাবে প্রশাসনে এখন গাডীত ৫০ শতাংশ যাত্রী উঠাব দিছে৷