নিয়মীয়া বাৰ্তা, ২৯ আগষ্টঃ ৰাজ্যৰ ৮ হাজাৰ ধৰ্মীয় অনুষ্ঠানলৈ আগবঢ়োৱা হৈছে ২.৫০ লাখকৈ টকা। মন্দিৰ, মছজিদ আৰু গীৰ্জা এই আঁচনিত অন্তৰ্ভুক্ত নহ’ব। প্ৰথম পৰ্যায়ত প্ৰতিটো সমষ্টিৰ ৫৫টা নামঘৰলৈ দিয়া হ’ব এই ধন। এই সন্দৰ্ভত উপায়ুক্ত সকলক দিয়া হৈছে নিৰ্দেশ। জিলাসমূহৰ উপায়ুক্তসকলেই নামঘৰসমূহ নিৰ্বাচন কৰিব। অতি পুৰণি নামঘৰসমূহক এই ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ’ব। যিসকল লোকে নিজৰ ধনৰে নামঘৰসমূহ বনাব নোৱাৰে তেওঁলোককো অগ্ৰাধিকাৰ দিয়া হব বুলি সংবাদমেলত মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
কোনো নামঘৰ যদি বিখ্যাত হয়, তেনে নামঘৰ পুৰণি নহ’লেও পৰ্যটনৰ দৃষ্টিভংগী ফালৰ পৰা দিয়া হ’ব এই ধন। অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত এই ধন দিয়া হ’ব বুলি এই মন্তব্য মন্ত্ৰী ড০ শৰ্মাৰ।