২০২১ৰ নিৰ্বাচনৰ পূৰ্বে দলং নহ’লে ভোট বিচাৰি নাহিব, দলং নিৰ্মাণৰ দাবীত ৰাইজৰ প্ৰতিবাদ
নিয়মীয়া বাৰ্তা, ২৯ আগষ্টঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত জাগুন ঘাটত এখন দলং নিৰ্মাণ কৰাৰ দাবীৰে কথাচেমা গাঁৱৰ শতাধিক লোক ওলাই আহি আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীৰ দাবী যে আগন্তুক ২০২১ৰ বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ আগে আগে দলং নিৰ্মাণৰ বাবে অন্ততঃ আধাৰশিলা হ’লেও স্থাপন কৰিব লাগে।
উল্লেখ্য যে তিনিচুকীয়া জিলাৰ ১২৪নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত লেখাপানী থানাৰ অধীনৰ জাগুনৰ অসমঘাটৰ বুঢ়ীদিহিং নৈৰ ওপৰত এখন দলং নিৰ্মাণ কৰি দুটাকৈ ৱাৰ্ড থকা অঞ্চলটোৰে সৈতে যাতায়াতৰ বাবে সুচল কৰি দিয়াৰ দাবী উত্থাপন কৰে। ইপিনে অঞ্চলটোত নাই বিশুদ্ধ খোৱাপানীৰ সু-ব্যৱস্থা আৰু চিকিৎসালয়। উক্ত অঞ্চলত কোনো লোকৰ বেমাৰ-আজাৰ হলে নাৱৰীয়া নাথাকিলে ৰোগীক চিকিৎসালয়লৈ নিব নোৱাৰে, ফলত বহু সময়ত ৰোগী মৃত্যুমুখত পৰিব লগা হোৱা শোকাৱহ ঘটনাও সংঘটিত হৈ আহিছে।
অঞ্চলবাসীয়ে কংগ্ৰেছ চৰকাৰৰ দিনতে উক্ত ঘাটত এখন “ফুটব্ৰীজ” হ’লেও স্থাপন কৰাৰ দাবী উত্থাপন কৰিছিল যদিও সেয়া সেই সময়ৰ বিধায়ক তথা কংগ্ৰেছী মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈৰ হেমাহি তথা অমনোযোগিতাৰ বাবে হৈ নুঠিল বুলি প্ৰতিবাদকাৰীসকলে ক্ষোভেৰে ব্যক্ত কৰে। অসমৰ ৰাইজে কংগ্ৰেছৰ দিনত সংঘটিত হোৱা দুৰ্নীতি, অপশাসন, ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে যোগ্য প্ৰত্যুত্তৰ দিলে যদিও শাসনভাৰ সম্পূৰ্ণ কৰিবলৈ আৰু কেইটামান মাহ থকা বিধায়ক ভাস্কৰ শৰ্মাই কোনো ধৰণৰ আগ্ৰহেই নেদেখুৱালে বুলি অভিযোগ কৰিছে অঞ্চলটোৰ গঞা ৰাইজে।
আগন্তুক নিৰ্বাচনৰ পূৰ্বে যদি দলং নিদিয়ে, ভোট বিচাৰি নাহিব বুলি শ্লোগানেৰে আজি পৰিৱেশ উত্তাল কৰি তোলে স্থানীয় প্ৰতিবাদকাৰীসকলে।