নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তামুলপুৰত বন্যহস্তীয়ে ভাঙিলে ২৫ পৰিয়ালৰ ঘৰ

নিয়মীয়া বাৰ্তা,১ ডিচেম্বৰঃ বাগ্সা জিলাৰ তামুলপুৰ মহকুমাৰ কাউলিত শুকুৰবাৰে নিশা বনৰীয়া হাতীৰ এটি বৃহৎ জাকে ২৫টা পৰিয়ালৰ বাসগৃহ লণ্ডভণ্ড কৰে ৷ নিশা ১০ বজাত বনৰীয়া হাতীৰ জাকটোৱে লণ্ডভণ্ড কৰি থৈ যায় নাৰায়ণপুৰ গাঁৱৰ অৱনী সিংহ, গোপাল বর্মন, গজেন বিশ্বাস, পদ্মাৱতী সিংহ, সুবোধ সিংহ, চানকিশোৰ লস্কৰ, মনকিশোৰ লস্কৰ, জয়দেৱ লস্কৰ, সহদেৱ লস্কৰ, ৰণ বর্মন, ক্ষেত্র দাস, ফটিক বিশ্বাস, ধনীৰাম সিংহ, বাসু সিংহ, প্রভাত বিশ্বাস, বলু সিংহ, অজিত বর্মন, অশোক সিংহ, জ্ঞানদেৱ সিংহ, ব্রজেন্দ্র বিশ্বাস, নৃপেন বিশ্বাস, সুবোধ সিংহ, হিৰো বিশ্বাস, সমীৰণ বিশ্বাস, জীৱন লস্কৰসহ ২৫টাকৈ পৰিয়ালৰ ঘৰ–দুৱাৰ ৷ লগতে কাটি থোৱা বহু বিঘা পকা ধান, বাৰীৰ তামোল, নাৰিকল গছ ভাঙি তাণ্ডৱ চলায় বনৰীয়া হাতীয়ে ৷ এতিয়া উজাগৰে থাকিব লগাত পৰিছে এইসকল পৰিয়াল ৷ বাৰম্বাৰ বন বিভাগৰ লোকক ৰাইজে হাতী খেদিবলৈ খবৰ দিয়াৰ পিছতো নাৰায়পুৰ গাঁৱত বন বিভাগৰ লোক উপস্থিত নোহোৱাত শনিবাৰে পুৱা প্রতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহে শ শ লোক ৷ নিশা হাতী খেদিবলৈ বন বিভাগৰ লোক উপস্থিত নোহোৱাত ক্ষুব্ধ স্থানীয় ৰাইজে কাউলি–গুৱাবাৰী পথ অৱৰোধ কৰি বনমন্ত্রীৰ প্রতিকৃতি দাহ কৰে ৷ ক্ষুব্ধ ৰাইজে বনমন্ত্রী হায় হায়, বন বিভাগ হায় হায়, আমাক নিৰাপত্তা লাগে নিৰাপত্তা দিয়ক আদি শ্লোগান দি কাউলিস্থিত বন বিভাগৰ চেকগেটৰ পোষ্টাৰ ভাঙি জ্বলাই দিয়ে ৷

You might also like