অসমত ১ অক্টোবৰৰ পৰা আৰম্ভ নৱম–দশম–একাদশ্ শ্রেণীৰ পাঠদান
শিক্ষানুষ্ঠান খোলাত মানি চলা হ’ব কেন্দ্রৰ গাইড লাইনঃ ড০ শর্মা
নিয়মীয়া বাৰ্তা ৩১ আগষ্টঃ ৰাজ্যত ১৫ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰৰ দ্বাদশ আৰু স্নাতক তৃতীয় বর্ষৰ ছাত্র–ছাত্রীৰ বাবে অনুষ্ঠিত হ’ব অনানুষ্ঠানিক পাঠদান৷ আনহাতে অহা ১ অক্টোবৰৰ পৰা ৰাজ্যত আৰম্ভ হ’ব অনানুষ্ঠানিক পাঠদানৰ ব্যৱস্থা৷ দেওবাৰে গুৱাহাটীত শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমৰ আগত এই তথ্য সদৰী কৰে৷ এই সন্দর্ভত মন্ত্রী ড০ শর্মাই কয়– অহা ১ ছেপ্টেম্বৰৰ পৰা শিক্ষকসকল বিদ্যালয়লৈ যাব৷ তেওঁলোকে ১ ছেপ্টেম্বৰৰ পৰা ১৫ ছেপ্টেম্বৰলৈ বিদ্যালয়ৰ কক্ষ ‘ছেনিটাইজ’ কৰিব৷ আনহাতে ১৫ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ শিক্ষকসকলে দ্বাদশ আৰু স্নাতক তৃতীয় বর্ষৰ ছাত্র–ছাত্রীসকলক অনানুষ্ঠানিকভাৱে পাঠদান আৰম্ভ কৰিব৷ কিন্তু কেন্দ্রীয় চৰকাৰৰ নির্দেশনা অনুসৰি অহা ১ অক্টোবৰৰ পৰা নৱম, দশম, একাদশ আৰু দ্বাদশ শ্রেণীৰ পাঠদান আৰম্ভ হ’ব৷ শিক্ষানুষ্ঠান খোলাৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰৰ সম্পূর্ণ গাইড লাইন মানি চলা হ’ব৷ ইফালে ব্যক্তিগত বিদ্যালয়ৰ মাহেকীয়া মাচুল ২৫ শতাংশ ৰেহাই দিবলৈ শিক্ষা বিভাগে দিয়া নির্দেশনাৰ পৰা অসম জাতীয় বিদ্যালয়কে ধৰি একাংশ বিদ্যালয়ে ৰেহাই দিবলৈ অনুৰোধ জনোৱা সন্দর্ভত শিক্ষামন্ত্রী ড০ শর্মাই কয়– ‘এফালে অভিভাৱক, আনফালে বিদ্যালয় কর্তৃপক্ষ– আমি দুয়োটাৰ মাজত আছোঁ৷ কষ্ট হ’লেও এই নির্দেশনা সকলোৱে মানি চলা ভাল৷ কাৰণ আমি অভিভাৱক সকলোকো চাব লাগিব৷ অৱশ্যে জাতীয় বিদ্যালয় লাভ আর্জন কৰা বিদ্যালয় নহয়৷ আমি মাচুল কমাই দিলে বা ৰেহাই দিলে শিক্ষকসকলৰ কষ্ট হয়৷ আকৌ মাচুল ৰেহাই নিদিলে অভিভাৱকসকলৰ কষ্ট হয়৷ অসম জাতীয় বিদ্যালয় বা শংকৰদেৱ শিশু নিকেতন কর্তৃপক্ষৰ কথা শুনিলে আমাৰ মনটো বেয়া লাগে৷ আনহাতে অভিভাৱকসকলৰ কথা শুনিলে মনটো তেওঁলোকৰ ফালে গুচি যায়৷ গতিকে আমি দুয়োটা ফালৰ মাজত আছোঁ৷ এই সন্দর্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা গোচৰ চলি আছে৷ গতিকে ন্যায়ালয়ৰ নির্দেশনা নোপোৱালৈকে আমি একো ৰদবদল কৰিব নোৱাৰোঁ৷’