নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিৰাটত তিনি মাহ বন্দী কৰি ৰাখি নির্যাতন মেঘালয়ৰ যুৱতীক

নিয়মীয়া বাৰ্তা ৩১ আগষ্টঃ ক’ভিড–১৯ লকডাউনৰ সময়ত মিৰাটত সংঘটিত এক জঘন্য ঘটনা পোহৰলৈ আহিছে৷ এই জঘন্য ঘটনাৰ বলি হৈছে মেঘালয়ৰ এগৰাকী ২০ বছৰীয়া যুৱতী৷ কেন্দ্রীয় চৰকাৰে লকডাউন ঘোষণা কৰাৰ সময়তে মেঘালয়ৰ যুৱতীগৰাকীক মিৰাটত থকা সহকর্মী এগৰাকীয়ে তেওঁৰ ঘৰলৈ আমন্ত্রণ জনায়৷ মিৰাটত উপস্থিত হোৱাৰ পিছতেই যুৱতীগৰাকীক ঘৰত আবদ্ধ কৰি ৰাখে আৰু নির্যাতন চলাবলৈ ধৰে৷

তিনি মাহ ধৰি নির্যাতন চলোৱাৰ পিছত যোৱা ২৮ আগষ্টত যুৱতীগৰাকীক সৌভাগ্যক্রমে আৰক্ষীয়ে উদ্ধাৰ কৰে৷ তাৎপর্যপূর্ণ যে আৰক্ষীয়ে যুৱতীগৰাকীক বন্দী কৰি ৰখা লোকজনক গ্রেপ্তাৰ কৰাৰ পিছতেই এই বন্দিত্বৰ পৰা মুক্ত হয় যুৱতীগৰাকী৷

তথ্য মতে, শ্বিলঙৰ যুৱতীগৰাকীয়ে দিল্লীৰ ব্যক্তিগত কোম্পানীত কাম কৰিছিল আৰু তাতেই চিনাকি হোৱা সহকর্মী বান্ধৱীৰ মিৰাটৰ ঘৰলৈ গৈছিল৷ বান্ধৱীৰ ঘৰত গৈ বন্দী হোৱা যুৱতীগৰাকীক আনকি দিল্লীত থকা মাহীয়েকৰ সৈতেও যোগাযোগ কৰিবলৈ দিয়া নাছিল৷ মুক্ত হোৱাৰ পিছত পৰিয়ালৰ লোক অর্থাৎ মাতৃৰ সৈতে বার্তালাপ কৰিবলৈ সক্ষম হৈছে যুৱতীগৰাকী৷

You might also like