নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিত যোগ দিলে কৃষক মুক্তিৰ ২৬ নেতা–কর্মীয়ে

ক্ষমতা নহয়, দেশ নির্মাণৰ বাবেহে শাসনলৈ আহে বিজেপিঃ ৰঞ্জিত দাস

নিয়মীয়া বাৰ্তা ১ ছেপ্টেম্বৰঃ  শিল্পীৰ পাছে পাছে এইবাৰ বিজেপি গমন আৰম্ভ কৰিলে একাংশ ‘কা’বিৰোধী জাতীয় সংগঠনৰ নেতাই৷ নির্বাচনৰ প্রাকক্ষণত আজি গেৰুৱা সাজ পিন্ধিলে কৃষক মুক্তি সংগ্রাম সমিতিৰ কেইবাজনো নেতাই৷ কিছুদিন আগলৈকে ‘কা’বিৰোধী আন্দোলনেৰেশাসকীয় দলটোক আক্রমণ কৰি ৰাজপথ কঁপাই তোলা কৃষক মুক্তিৰ ২৬জনকৈ নেতা–কর্মীয়ে বিজেপিত যোগদান কৰা কার্যই বিশেষ তাৎপর্য বহন কৰিছে৷ হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত এই উদ্দেশ্যে আয়োজিত এটা অনুষ্ঠানত সভাপতি ৰঞ্জিত দাসে কৃষক মুক্তি সংগ্রাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক লেখন হাজৰিকা, লখিমপুৰ জিলাৰ সাংগঠনিক সম্পাদক ৰূপেশ্বৰ গগৈ, সভাপতি বাপধন মিৰিকে ধৰি ২৬জন নেতা–কর্মীক দলীয় প্রতীকেৰে বিজেপিৰে চামিল কৰে৷ উল্লেখ্য যে বিধানসভা নির্বাচনলৈ শাসকীয় দলটোৱে আৰম্ভ কৰা ব্যাপক কুচকাৱাজৰ সমান্তৰালকৈ দললৈ সকলো ক্ষেত্রৰ কিছু লোক অনাৰ বাবে বিশেষ পদক্ষেপ গ্রহণ কৰি আহিছে৷ ইয়াৰ অংশ স্বৰূপে অলপতে ৰাজ্যৰ বৃহৎসংখ্যক শিল্পী, কলা–কুশলীয়ে বিজেপিত যোগদান কৰাৰ পিছত আজি বিজেপিত চামিল হয় কৃষক মুক্তি সংগ্রাম সমিতিৰ কেইবাজনো আগশাৰীৰ নেতা৷ এই যোগদান অনুষ্ঠানত সভাপতি ৰঞ্জিত দাসে কয়– ‘আমাৰ কার্যকর্তাসকলে সকলোৰে লগত কাম কৰে, কাৰো তলত কাম নকৰে৷ বিজেপিত কংগ্রেছৰ নিচিনা পৰিয়ালকেন্দ্রিত ৰাজনীতি নাথাকে, আমাৰ উমৈহতীয়া ব্যৱস্থা, য’ত সকলোৰে সহযোগত আলোচনাৰে কার্য সমাধান কৰা হয়৷ বিজেপিৰ বাবে প্রথমে দেশ, তাৰ পিছতহে দল৷ কিন্তু কংগ্রেছৰ বাবে দল আগত, তাৰ পিছতহে দেশ৷ বিজেপিয়ে ক্ষমতাত কোনোদিনে শাসনৰ বাবে নাহে, দেশ নির্মাণৰ কাৰণেহে আহে৷ কংগ্রেছৰ মূল উদ্দেশ্য ক্ষমতা৷’ আজি কৃষক মুক্তিৰ ২৬জন নেতা–কর্মীৰ লগতে ভাৰতীয় মজদুৰ সংঘৰ প্রাক্তন উপ–সভাপতি তথা অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ সহঃ সাধাৰণ সম্পাদক বীৰেন বৈৰী, সজদুৰ সংঘৰ প্রাক্তন সদস্য মিন্ন ঘাটোৱাৰ আৰু দক্ষিণ পূব পাকা গাঁও পঞ্চায়তৰ ৩নং ৱার্ডৰ নির্দলীয় সদস্য ধনজিৎ ডেকায়ো বিজেপিত যোগদান কৰে৷ ইফালে, গেৰুৱা বসন পিন্ধিয়ে কৃষক মুক্তিৰ মুখ্য সাংগঠনিক সম্পাদক লেখন হাজৰিকাই কয়– আজিৰ দিনটোলৈকে অসমৰ কোনো এখন ঠাইত ‘কা’ৰ জৰিয়তে বহিঃৰাগত লোক আহি সংস্থাপিত হোৱা নাই৷ বিভিন্ন সংবাদ মাধ্যমত দুই কোটি, ডেৰ কোটি হিন্দু–বাংলাদেশী আহিব বুলি হিচাপ দি আছিল৷ সেয়া এতিয়া ভুৱা হ’ল৷ এই কথাবোৰ শুনিয়ে আৱেগিক হৈ আমি আন্দোলনৰ বাবে ওলাই আহিছিলোঁ৷ আনহাতে, কৃষক মুক্তিৰ নেতৃত্বই এতিয়া পুৰণি কর্মীক পাহৰি গৈছে বুলি মন্তব্য কৰি কয়– গুৱাহাটীত তেওঁলোকে কি কয়, কি কৰে গাঁৱৰ লোকে একোৱে গম নাপায়৷
বিজেপিত কোনো নেতাই যোগ দিয়া নাইঃ কৃষক মুক্তি
কৃষক মুক্তি সংগ্রাম সমিতিৰ কোনো বিষয়ববীয়াই বিজেপিত যোগাদান কৰা নাই বুলি স্পষ্ট কৰি দিছে সংগঠনটোৰ নেতৃত্বই৷ আজি এখন সংবাদ মেলত কৃষক মুক্তি সংগ্রাম সমিতিৰ সভাপতি ভাস্ক’ডি শইকীয়াই কয় যে তেওঁলোকৰ সংগঠনৰ কেন্দ্রী সমিতিৰ কোনো দায়িত্বশীল বিষয়ববীয়াই বিজেপি দলত যোগদান কৰা নাই৷ আনহাতে সংগঠনটোৰ উপদেষ্টা বেদান্ত লস্কৰে যোগদান কৰিব বুলি ওলোৱা খবৰ বিজেপিৰ অপপ্রচাৰ মাত্র৷ শইকীয়াই লগতে কয় যে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত কাইলৈৰ পৰা ৰাজ্যজুৰি জোৰদাৰ প্রচাৰ অভিযান আৰম্ভ কৰা হ’ব৷ অসমবাসী ৰাইজে কৃষক নেতাগৰাকীৰ আইনী যুঁজলৈ সর্বমুঠ ২২,২৫,১৪১ টকাৰ বৰঙণি আগবঢ়াইছে বুলিও তেওঁ সদৰী কৰে৷

You might also like