অনলাইন মিটিঙৰ মাজতেই চৰিতাৰ্থ কৰিলে যৌন কামনা, অবাক সকলো
নিয়মীয়া বাৰ্তা ১ ছেপ্টেম্বৰঃ ক’ৰোনা মহামাৰী। অফিচ, কাছাৰী, সকলো বন্ধ । তাৰ মাজতে ঘৰত বহি বহু লোকে অনলাইন যোগে অফিচৰ কাৰ্য সম্পাদন কৰি আহিছে। আনহাতে অনলাইনত মিটিঙকে ধৰি বহু কাৰ্যও সম্পাদন কৰি আছে।
এনেধৰণৰ অনলাইন মিটিঙ চলি থাকোতে ঘটা এক নাভুত নাশ্ৰুত ঘটনা পোহৰলৈ আহিছে। এনেধৰণৰ কাৰ্য অনলাইন মিটিঙত ভাবিবই নোৱাৰি। কিন্তু সেয়া ঘটিল ফিলিপাইনত। কোনো বিষয়ত অনলাইন মিটিঙ চলি থাকোতেই এগৰাকী কৰ্মচাৰীয়ে ব্যক্তিগত সহায়কৰ লগত যৌন কাৰ্যত লিপ্ত হোৱা দেখা গ’ল।
আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই কথা প্ৰকাশ পাইছে। যেতিয়া মিটিঙ চলি আছিল আৰু কেমেৰা সন্মুখতে তেওঁলোকে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল। অনলাইন মিটিংত উপস্থিত থকা আনসকল লোকে এই অনৈতিক কাৰ্য নিজৰ চকুৰে প্ৰত্যক্ষ কৰিছিল।
আনহাতে ইয়াৰে এজন কৰ্মচাৰীয়ে সকলো কাৰ্য ৰেকৰ্ডিং কৰি ভাইৰেল কৰি দিলে। ইয়াৰ পৰিপ্ৰেক্ষিতত এতিয়া স্থানীয় লোকে বিচাৰৰ বাবে আদালতত আবেদন কৰিছে।