নিয়মীয়া বাৰ্তা ২ ছেপ্টেম্বৰঃ লাডাখৰ গালৱান উপত্যকাৰ সংঘর্ষৰ উত্তেজনা অব্যাহত থকাৰ সময়তে পুনৰ চীনা সৈন্যই সীমান্তৰ ভূমি দখল কৰাৰ অপচেষ্টা চলায়৷ সীমান্তৰ সমীপৱর্তী পাংগং ছ’ৰ দুটা স্থানত চীনৰ পিএলএল জোৱানে ৰছী আৰু ট্রেকিং হাথিয়াৰ লৈ অৱস্থান কৰি থাকি গোপনে ভাৰতীয় ভূমি দখলৰ চেষ্টা চলায়৷ ইপিনে, চীন সেনাৰ এই গোপন প্রস্তুতি সন্দর্ভত ভাৰতীয় সেনাই তথ্য লাভ কৰাৰ পাছতেই প্রতিৱেশী ৰাষ্ট্রখনৰ সেনাৰ এই অভিসন্ধিক ব্যর্থ কৰে৷ প্রতিৱেশী ৰাষ্ট্রখনৰ যিকোনো কার্যকলাপক প্রতিহত কৰাৰ বাবে ইতিমধ্যে সাজু হৈ থকা ভাৰতীয় সেনাই পাংগং ছ’ৰ ব্লেকটপ আৰু থাকুঙত অৱস্থান কৰি থকা ৫০০ চীনা সৈন্যৰ এই গোপন অভিসন্ধিক বীৰত্বৰে ব্যর্থ কৰে৷ ভাৰতীয় সেনাৰ শীর্ষ বিষয়াই প্রকাশ কৰা মতে চীনা সৈন্যই পাংগং ছ’ৰ উক্ত স্থান দুটাত ৰছী আৰু ট্রেকিং হাথিয়াৰেৰে ভাৰতীয় ভূমিত প্রৱেশ কৰি দখল কৰিবলৈ আগবাঢ়োতেই সেনাই প্রতিহত কৰে৷ দুই দেশৰ সেনাৰ মাজত সামান্য পৰিমাণে সংঘর্ষ হোৱা বুলিও শীর্ষ বিষয়াৰ সূত্রত প্রকাশ৷ উল্লেখ্য যে পাংগং ছ’ৰ থাকুং অঞ্চলত চীনা সৈন্যই ট্রেংকৰ সৈতেও সাজু হৈ আছে৷ ইয়াৰ বিপৰীতে ভাৰতীয় সেনাই চীনা সৈন্যক প্রতিহত কৰিবলৈ পূর্বৰে পৰা সম্পূর্ণ সাজু হৈ থকাৰ পৰিপ্রেক্ষিতত চীনক পিছুৱাই যাবলৈ বাধ্য কৰে৷ এই সময়ছোৱাত কোনো গুলীচালনা হোৱা নাই৷ তেনেদৰে সংঘর্ষৰ সময়ত কোনো সেনা হতাহত হোৱা নাই৷ উনুকিয়াব লাগিব যে লাডাখৰ গালৱান উপত্যকাত আঢ়ৈ মাহ পূর্বে চীনা সৈন্যৰ আক্রমণত কর্নেলসহ ২০ ভাৰতীয় জোৱান শ্বহীদ হৈছিল৷ এই ঘটনাৰ পাছতে ভাৰতীয় সেনা বাহিনী লাডাখৰ এল’চিৰ সমীপৱর্তী ঘাটিসমূহত স্থল–বায়ুসেনা সষ্টম কৰি ৰাখিছে৷ আনকি চীনে লাডাখৰ সীমান্তৱর্তী অঞ্চলত আগ্রাসন চলাব পাৰে বুলি চোৰাংচোৱাই সেনা বাহিনীক সজাগ হৈ থাকিবলৈ তথ্য প্রেৰণ কৰিছে৷ পাংগং ছ’ৰ চীনা সৈন্যৰ আগ্রাসনক ভাৰতীয় সেনাই প্রতিহত কৰাৰ বিষয়টো চর্চাৰ মাজলৈ অহাৰ সময়তে চীনে ৭০ বছৰত এক ইঞ্চিও বিদেশী ভূমি দখল কৰা নাই বুলি দাবী কৰিছে৷ চীনৰ বৈদেশিক মন্ত্রালয়ৰ মুখপাত্র হুৱা ছুনিয়িঙে প্রকাশ কৰা মতে চীনে কেতিয়াও কোনো যুদ্ধ বা সংঘর্ষৰ বাবে প্রৰোচিত কৰা নাই৷ আন দেশৰ এক ইঞ্চি ভূমিও কেতিয়াও দখল কৰা নাই৷ চীনা সৈন্যই কেতিয়াও সীমান্তৰ সীমা অতিক্রম কৰা নাই৷ এইক্ষেত্রত ভাৰতৰ সৈতে কিছু যোগাযোগ চলি আছে৷ তেওঁ ভাবে যে দুয়োপক্ষই সংযম আৰু সদ্ভাৱানাৰে দ্বিপাক্ষিক সম্পর্ক বর্তাই ৰাখি সীমান্তত শান্তি আৰু সুস্থিৰতা বজাই ৰাখিব লাগে৷ তাৎপর্যপূর্ণ যে লাডাখৰ পাংগং ছ’ত চীনৰ পিএলএৰ জোৱানক ভাৰতীয় সেনাই খেদি পঠিওৱা বুলি অভিযোগ নতুন দিল্লীয়ে উত্থাপন কৰাৰ পাছতেই বেইজিঙে এই মন্তব্য কৰিছে৷