জেআইচিএৰ পৰা ভাৰতে ল’ব ৩,৫০০ কোটি টকাৰ ঋণ
নিয়মীয়া বাৰ্তা ২ ছেপ্টেম্বৰঃ ক’ভিড–১৯ মহামাৰীৰ মোকাবিলা কৰিবলৈ ভাৰত চৰকাৰে জাপানৰ দাতব্য সংস্থা জে আই চি এৰ পৰা ৩,৫০০ কোটি টকাৰ ঋণ ল’ব৷ ইতিমধ্যে জে আই চি এৰ সৈতে কেন্দ্রীয় চৰকাৰে এক চুক্তি স্বাক্ষৰ কৰিছে৷
উল্লেখনীয় যে প্রধানমন্ত্রী আত্মনির্ভৰ ভাৰত যোজনা (পিএম–এএছবিৱাই)ৰ অধীনত এই ধন বিভিন্ন আঁচনিৰ সফল ৰূপায়ণৰ বাবে ব্যৱহাৰ কৰা হ’ব৷ বিশেষকৈ কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রণালয়ৰ অধীনত আত্মনির্ভৰ পেকেজত এই ধন খৰচ কৰা হ’ব বুলি ঘোষণা কৰিছে বিত্ত মন্ত্রালয়ে৷ কালি বিত্ত মন্ত্রালয়ৰ অর্থনৈতিক পৰিক্রমা বিভাগৰ অতিৰিক্ত সচিব চি এছ মহাপাত্র আৰু জাপানৰ জে আই চি এৰ মুখ্য প্রতিনিধি কাটছু মাটছুম’টোৰ মাজত এই চুক্তি স্বাক্ষৰ হৈছে৷ জে আই চি এ হৈছে জাপানৰ এক আন্তর্জাতিক দাতব্য সংস্থা৷ জাপান ইণ্টাৰনেচনেল ক’–পাৰেচন এজেঞ্চী বা জে আই চি এই ইয়াৰ পূর্বে বিভিন্ন দেশক বিত্তীয় সাহায্য যোগান ধৰি আহিছে৷