নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰেমিকাক লগ ধৰিবলৈ কোৱাৰেণ্টাইনৰ পৰা তিনিবাৰকৈ পলাল প্ৰেমিক, তাৰ পাছত…

নিয়মীয়া বাৰ্তা ২ ছেপ্টেম্বৰঃ  প্ৰেমিকাৰ জন্ম দিন। যাবই লাগিব নহলে জগৰ লাগিব। কিন্তু এই প্ৰেম সাধাৰণ প্ৰেম নহয়। প্ৰেমিকে কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা পলাই গৈ প্ৰেমিকাক জন্ম দিনৰ উপহাৰ দিছে। কেৱল এবাৰ নহয় তিনিবাৰ কোৱৰেণ্টাইন কেন্দ্ৰৰ পৰা প্ৰেমিকাক লগ ধৰিছিল। তাৰ পিছত প্ৰেমিকৰ ৬ মাহৰ বাবে জেল।

শেহতীয়াকৈ এনেধৰণৰ এক ঘটনা অষ্ট্ৰেলিয়াত পোহৰলৈ আহিছে। যুৱকজনৰ নাম য়ুউচুফ কাৰাকিয়া। যোৱা জুলাই মাহত ইউচুফ চিডনীৰ পৰা পাৰ্থলৈ গৈছিল। কিন্তু ক’ভিড প্ৰটকল অনুসৰি ইউচুফে হোটেলত কোৱাৰেণ্টাইনত থাকিব লগা হৈছিল। কিন্তু প্ৰথম দিনাই ইউচুফে কোৱাৰেণ্টাইনৰ নিয়ম ভাঙি হোটেলৰ পৰা পলাই গৈছিল।আৰু প্ৰেমিকাই ইউচুফক পলোৱাত সহায় কৰিছিল। প্ৰায় তিনিদিন ধৰি এনে ধৰণে প্ৰেমিকাক লগ ধৰিছিল ইউচুফে।

এশ গৰু মৰিলে বাঘৰো মৰণ। অৱশেষত ইউচুফ ধৰা পৰিল এদিন হোটেলৰ কৰ্মচাৰীৰ হাতত। হোটেল কৰ্তৃপক্ষই আৰক্ষীক খবৰ দিলে আৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ইউচুফৰ । আৰক্ষীৰ জেৰাত ওলাল সকলো তথ্য। ইউচুফে ক’লে প্ৰেমিকাৰ জন্মদিনত লগ ধৰিবৰ কাৰণে নিয়ম ভংগ কৰিছিল। আৰু এতিয়া নিয়ম ভংগ কৰাৰ বাবে ইউচুফক ৬ মাহ কাৰাদণ্ড দিয়া হল। সেয়েহে সকলোৱে কয় প্ৰেম আৰু যুদ্ধত সকলো সম্ভৱ।

You might also like