হাবিজংঘলৰে আগুৰা ভাদৈস্হিত ঐতিহাসিক ৰজা আলিক ন-ৰূপ দিয়াৰ প্ৰয়াস আটাছু ১ নং চপাতলী শাখাৰ
নিয়মীয়া বাৰ্তা, ২ ছেপ্তেম্বৰ : ইতিহাস প্ৰসিদ্ধ ভাদৈ নগৰীৰ সমীপত অৱস্হিত ঐতিহাসিক ৰজা আলি। যি পথেদি এসময়ত ল’ৰাৰজাৰ চাউডাং বাহিনীৰ চকুত ধূলি দি গদাপাণি পলাই যাবলৈ সক্ষম হৈছিল । যেতিয়া কূটিল ৰাজনৈতিক চেপাত ল’ৰাৰজাই চাউদাংঙৰ হতুৱাই গদাপাণিক ধৰিবলৈ বিচাৰি ফুৰিছিল, সেইসময়ত গদাপাণিয়ে আত্মগোপন কৰি অনাই বনাই ঘূৰি ফুৰোঁতে এই পথটো ব্যৱহাৰ কৰিছিল বুলি ভাদৈ ৰাইজৰ মুখে মুখে প্ৰচলিত । সেয়ে গদাধৰ সিংহৰ স্মৃতিত ভাদৈ নগৰীত সাজি উলিওৱা হৈছে গদাধৰ সিংহ মজলীয়া বিদ্যালয় । তাৰ নিচেই কাষতেই অৱস্হিত এই ঐতিহাসিক ৰজা আলি । চৌদিশে শস্য শ্যামলা সেউজী পথাৰৰ মাজত থকা ৰজাআলিটো বৰ্তমান হাবি জংঘলেৰে পৰিপূৰ্ণ লগতে জহি-খহি ভগ্নপ্ৰায় ।
আজি আটাছু ১ নং চপাতলী শাখা গোটৰ উদ্যোগত এই ঐতিহাসিক ৰজা আলিৰ দুয়োকাষে থকা হাবি-বন সমূহ কাটি চাফা কৰা লগতে ৰজা আলিৰ দুয়োকাষে বৃক্ষ ৰোপণ কৰি সৌন্দৰ্য্যবৰ্ধনৰ পদক্ষেপ গ্ৰহণ কৰিছে । এইদৰে কালৰ বুকুত নাশ হ’বলৈ ধৰা আহোমৰ ঐতিহাসিক কীৰ্তিচিহ্ন যুগমীয়া ৰাখিবলৈ সংকল্পবদ্ধ টাই আহোম ছাত্ৰ সন্হাৰ সেনানীসকল ।