সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ আহ্বানত ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী; মুখ্যমন্ত্ৰী,বিত্তমন্ত্ৰী তথা নগৰ উন্নয়ন মন্ত্ৰীলৈ স্মাৰকপত্ৰ
নিয়মীয়া বাৰ্তা ২ ছেপ্টেম্বৰ : ৰাজ্যৰ পৌৰ কৰ্মচাৰী সকলৰ চাকৰি সংক্ৰান্তীয় দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবীত যোৰহাটত এলানি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ভূক্তভূগী কৰ্মচাৰীসকলে।কাৰ্যসূচীৰ অংশস্বৰূপে ৩১ আগষ্ট তাৰিখে যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত কৰে এঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ।তাৰোপৰি দ্বিতীয় পৰ্যায়ৰ অংশস্বৰূপে ১ চেপ্তেম্বৰৰ পৰা অহা ৩ ছেপ্টেম্বৰলৈ তিনিদিনীয়াকৈ অৱস্থান ধৰ্মঘট কৰি অহাৰ সংকল্প গ্ৰহণ কৰিছে ।
বিশেষকৈ অত্যাৱশ্যকীয় (ক’ডিডকে ধৰি) সেৱাৰ সৈতে জড়িত ৰাজ্যখনৰ দুৰ্ভগীয়া কৰ্মচাৰীসকলক আনকি ,জীৱন বীমাৰ দৰে সা -সুবিধা বাদেই মাহৰ শেষত প্ৰাপ্য দৰমহাখিনিও নিয়মীয়াকৈ আদায় নোপোৱাৰ ক্ষোভত এইদৰেই প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৰাজ্যখনৰ কৰ্মচাৰীৰ লগতেই যোৰহাট পৌৰ সডাৰ কৰ্মচাৰীসকলে ।