ক’ভিড চিকিৎসাক লৈ ৰাজ্য চৰকাৰৰ নতুন নিৰ্দেশ
নিয়মীয়া বাৰ্তা ৩ ছেপ্টেম্বৰঃ ক’ভিড চিকিৎসাক লৈ ৰাজ্য চৰকাৰৰ এলানি নতুন ব্যৱস্থা গ্ৰহণ কৰিছে। এই ব্যৱস্থা অনুসৰি পেয়িং কেবিনত থকা ক’ভিড ৰোগীৰ বাবে নতুন নিৰ্দেশ। এতিয়াৰে পৰা আৱাসীয়ে পৰিশোধ কৰিব লাগিব ৰূম ৰেণ্ট। সুস্থ হোৱা ৰোগীয়ে এতিয়াৰে পৰা নাপাব বিনামূলীয়া গাড়ী। পূৰ্বে চিকিৎসালয়ৰ পৰা ঘৰলৈ পাইছিল বিনামূলীয়া গাড়ী। যদি ৰোগীৰ-চিকিৎসালয় এখন জিলাতে হ’লে নাপাব পৰিবহণৰ সুবিধা। অৱশ্যে চিকিৎসালয় আৰু ঘৰ ভিন্ন জিলাত হ’লে পাব পৰিবহণ ব্যৱস্থা। আনহাতে একেখন জিলা বুলি গণ্য হ’ব কামৰূপ মেট্ৰ আৰু গ্ৰাম্য জিলা।
ক’ভিড rt-pcr পদ্ধতিৰ টেষ্টৰ ক্ষেত্ৰটো নতুন নিৰ্দেশ। rt-pcr ফলাফল খৰতকীয়াকৈ বিচাৰিলে ভৰিব লাগিব মাচুল। 2200 টকা মাচুল পৰিশোধ কৰিলে ২৪ ঘণ্টাতে পাব ফলাফল। অৱশ্যে ফলাফল খৰতকীয়াকৈ নিবিচৰাসকলে দিব নালাগে মাচুল। খৰতীয়াকৈ নিবিচৰা লোকে সকলে ৪৮-৭২ ঘণ্টাৰ ভিতৰত ফলাফল লাভ কৰিব।