নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাস্ক নিপিন্ধিলে ৫০০ টকা জৰিমনাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ, ক’ৰোনাক লৈ কঠোৰ হ’ব চৰকাৰ

নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ ক’ভিড-১৯ক লৈ কঠোৰ হ’বলৈ বাধ্য ৰাজ্য চৰকাৰ। এই কথা জানিবলৈ দিয়ে স্বাস্থ্যমমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আজি জনতা ভৱনত সম্বোধন কৰা এখন সংবাদ মেলত মন্ত্ৰীগৰাকীয়ে কয় যে ক’ভিড-১৯ ৰোগীৰ বৰ্ধিত ৰূপক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে উদ্বিগ্নতা প্ৰকাশ কৰিছে আৰু ৰাজ্য চৰকাৰক কঠোৰ হ’বলৈ আহ্বান জনাইছে। সেই মৰ্মে কালি মাস্ক নিপিন্ধা লোকক ৫০০ টকা জৰিমনা বিহিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে ন্যায়ালয়খনে।

জিলা উপায়ুক্ত আৰু আৰক্ষী প্ৰশাসনক এনে জৰিমনা আদায়ৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈও আহ্বান জনাইছে ন্যায়ালয়ে। ইয়াকে লৈ কাইলৈ আৰক্ষী-উপায়ুক্তৰ লগত আলোচনামৰ্মে ৰাজ্য চৰকাৰে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা আখৰে আখৰে পালন কৰিব। এইক্ষেত্ৰত সকলোকে ক’ভিড প্ৰটোকল মানি চলিবলৈ অনুৰোধ জনায় মন্ত্ৰীগৰাকীয়ে।

আনহাতে লকডাউনৰ প্ৰসংগত কয় যে কেন্দ্ৰীয় চৰকাৰৰ আনলক-৪ৰ নিয়ম অনুযায়ী লকডাউনৰ দৰে বিশেষ ব্যৱস্থা এতিয়া কেন্দ্ৰীয় চৰকাৰৰ পৰা নিৰ্দেশনা অনুযায়ীহে ল’ব পৰা যাব। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে কালি দিনত ৩০০০ ক’ভিড পজিটিভ ৰোগী পোৱা গৈছে অসমত, এনে অৱস্থাত এই মাহটোত ৩০ দিনত ৯০০০০ ক’ৰোনা ৰোগী ওলোৱাৰ সম্ভাৱনা আছে। ই ৰাজ্যখনৰ বাবে চিন্তনীয় বিষয়। গতিকে এনে অৱস্থাৰ পৰা মুক্তি পোৱাৰ স্বাৰ্থত ৰাজ্য চৰকাৰ কঠোৰ নোহোৱাৰ অন্য উপায় নাই।

You might also like