নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰমোদ বড়োক বিটিচিৰ চীফ হিচাপে নিবিছাৰোঃ সুৰেন বড়ো 

নিয়মীয়া বাৰ্তা ৪ ছেপ্টেম্বৰঃ সমগ্ৰ দেশৰ লগতে অসমত অব্যাহত আছে কৰোনা মহামাৰীৰ আতংক। তাৰ মাজতে বিটিচিৰ সৰ্বত্ৰ এতিয়া চলিছে নিৰ্বাচনী বতাহ।বিপিএফ, ইউপিপিএল, বিজেপিৰ লগতে নিৰ্দলীয় প্ৰাৰ্থী সকলেও সমান্তৰাল ভাৱে চলাই আছে নিৰ্বাচনী প্ৰচাৰ। ৩০ নং গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী সমাজসেৱক চুৰেন চন্দ্ৰ বড়োৱে যোৱা ডেৰ বছৰ ধৰি চলাই আহিছে নিৰ্বাচনী প্ৰচাৰ।মিচন ২০-২০ নামেৰে চলোৱা নিৰ্বাচনী প্ৰচাৰত ইতিমধ্যে ৰাইজৰ সঁহাৰি লাভ কৰা প্ৰাৰ্থী সুৰেন চন্দ্ৰ বড়োই আগন্তুক বিটিচি নিৰ্বাচনত বিপুল ভোটত বিজয়ী হ’ব বুলি দাবী কৰিছে। গোৰেশ্বৰ সমষ্টিৰ ভোগপুৰত আয়োজিত এখন নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত কয় যে- বৰ্তমান তেওঁৰ কোনো প্ৰতিদণ্ডী গোৰেশ্বৰ সমষ্টিত নাই। কাৰণ বিগত সময়ত বিপিএফৰ মহেশ্বৰ বসুমতাৰীয়ে বিটিচিৰ কাৰ্যবাহী সদস্য হৈ থকাৰ পিছটো কিন্তু বাগসা জিলাৰ একমাত্ৰ চহৰখনে উন্নয়নৰ মুখ নেদেখিলে। অতি দুখেৰে সুৰেন বড়োৱে কয় যে বিপিএফৰ তিনিটা কাৰ্যকালৰ পিছটো গোৰেশ্বৰ অঞ্চলৰ ৰাস্তা ঘাটৰ অৱস্থা তথৈবচ হৈ থাকিল। ১৫ বছৰ পিছতো ৰাস্তাৰ বাবে দুৰ্ভোগ ভুগিব লগা হৈছে গোৰেশ্বৰবাসী ৰাইজ। প্ৰমোদ বড়ো সম্পৰ্কত তেওঁ কয় যে প্ৰমোদ বড়োই সদায় অসমক দুভাগ কৰাৰ বাবে লাগি আহিছে ।এতিয়া নিজকে চীফ হোৱাৰ বাবে নিৰ্বাচনত নামিছে। কিন্তু তেওঁ কেতিয়াও নিবিছাৰে প্ৰমোদ বড়ো বিটিচিৰ চিফ হওঁক।

ভোগপুৰ প্ৰাথমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাত সভাপতি হিচাপে উপস্থিত থাকে অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি খোৰচান আলিয়ে। সভাত উপস্থিত থাকে বিপিএফৰ গোৰেশ্বৰ ব্লকৰ প্ৰাক্তন সাংগঠিক সম্পাদক দধি ৰাজবংশীয়ে। দধি ৰাজবংশীয়ে বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য বৰ্তমানৰ গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী মহেশ্বৰ বসুমতাৰীক বেপাৰী বুলি ক্ষুৰধাৰ সমালোচনা কৰে।উল্লেখ্য যে সভাতে বিভিন্ন দলৰ পৰা প্ৰায় ৫ শতাধিক লোকে মিছন ২০-২০ত যোগদান কৰে।

You might also like