নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিখাৰী নদীত মাছ মাৰিবলৈ গৈ এজনৰ সলিল সমাধি

নিয়মীয়া বাৰ্তা, ৩ ছেপ্তেম্বৰঃ দিখাৰী নদীত মাছ মাৰিবলৈ গৈ কালি এজনৰ সলিল সমাধি ঘটে।চিলাপথাৰ থানা দিপা বগৰীগুৰী গাঁৱৰ পুতুল বসুমতাৰীৰ পুত্ৰ ৰাজা বসুমতাৰীয়ে গাঁৱখনৰ পাঁচ গৰাকী লগৰীয়াৰ সৈতে মিছামৰা অঞ্চলৰ নাওকাটা গাঁৱৰ সমীপৰ দিখাৰী নদীত মাছ মাৰিবলৈ যায়। মাছমৰীয়া দলটোৰ এজন দিখাৰী নদীখন সাতুৰি পাৰ হৈ যোৱাৰ পিছত ৰাজা বসুমতাৰী ( ৩৮)য়ে খেৰালী জাল আৰু খালৈ সৈতে নদীখন পাৰ হবলৈ লওঁতে নদীৰ সোঁতে উটুৱাই নিয়ে। ওচৰতে থকা এজন লগৰীয়াই ৰাজা বসুমতাৰীক আপ্ৰাণ চেষ্টা চলাই যদিও খেৰালী জাল আৰু খালৈসহ নদীৰ গভীৰ তললৈ সোঁতে উটুৱাই ফলত উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল। পুৱা ৮-৩০ বজাত সংঘটিত হোৱা ঘটনাৰ লগে লগে লগৰীয়া আৰু গাঁৱৰ ৰাইজে পুৱা ১০-৩০ বজাত ৰাজা বসুমতাৰীৰ মৃতদেহ উদ্ধাৰ কৰে।

মাছ মাৰিবলৈ গৈ সলিল সমাধি ঘটা ৰাজা বসুমতাৰীয়ে পিতৃ,মাতৃ,পত্নী, এজন লৰা আৰু দজনী কন্যা সন্তানৰ লগতে বহু আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ গৈছে।পুতুল বসুমতাৰীৰ একমাত্ৰ পুত্ৰ ৰাজা বসুমতাৰীৰ মৃত্যুত পৰিয়াল মাজত শোকত ভাগি পৰিছে।

You might also like