চাহ বাগিচা ধন পুৰস্কাৰ আঁচনি, ৮ লাখ একাউণ্টত দিয়া হ’ব ৩ হাজাৰকৈ টকা
নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ অসম চাহ বাগিচা ধন পুৰস্কাৰ আঁচনিৰ অধীনত চাহ বাগিচাৰ প্ৰায় ৮ লাখ একাউণ্টত দিয়া হ’ব ৩ হাজাৰকৈ টকা। জনতা ভৱনত অনুষ্ঠিত সংবাদমেল সম্বোধন কৰি বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ঘোষণা কৰে এই কথা। মন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ চাহ শ্ৰমিকসকলক বেংকিং লিংকেজৰ লগত সম্পৰ্কিত কৰাৰ স্বাৰ্থত ২০১৭-১৮ চনত ৬,৩৩,৪১১ টা একাউণ্ট খোলা হৈছিল।
সেই সময়ত চাহ শ্ৰমিকক সকাহ দিয়া তথা বেংক একাউণ্টসমূহ জীয়াই ৰখাৰ স্বাৰ্থত ২৫০০ টকাকৈ একাউণ্টত জমা দিয়া হৈছিল। ২০১৮-১৯তো এই আঁচনিখন কাৰ্যকৰী কৰা হৈছিল বেংক একাউণ্ট খুলিবলৈ বাকী ৰোৱা চাহ শ্ৰমিকসকলক পুনৰ এবাৰ বেংকিং ব্যৱস্থাৰ মাজলৈ অনাৰ বাবে। সেইমৰ্মে বেংক একাউণ্টৰ সংখ্যা ৭,১৫,৯৭৯লৈ বৃদ্ধি কৰা হয় আৰু পুনৰ ২৫০০ টকাকৈ আগবঢ়োৱা হয়। বিত্তমন্ত্ৰীগৰাকী এতিয়া চাহ শ্ৰমিকৰ এই একাউণ্টৰ বাবে ২৫০ কোটি টকা আঁচনিখনৰ বাবে ধাৰ্য কৰা বুলি জানিবলৈ দিয়ে।
উক্ত ৭,১৫,৯৭৯টা একাউণ্টকে ধৰি আৰু ৮৪,০২১ টা একাউণ্টৰ সংখ্যা যোগ দি মুঠ ৮লাখ একাউণ্টত ৩,০০০কৈ টকা জমা কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে। উক্ত টকা জমা দিয়া প্ৰক্ৰিয়া আগন্তুক ১৫ নৱেম্বৰৰ ভিতৰত শেষ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বিত্তমন্ত্ৰীগৰাকী এই আঁচনিক লৈ সুখী বুলি মন্তব্য কৰি কয় যে কভিডকালীন অৱস্থাত এই একাউণ্টৰ জৰিয়তে মহিলা চাহ শ্ৰমিকসকলক সকাহ দিয়াৰ লগতে এতিয়া অৰুণোদয় আঁচনিৰ ক্ষেত্ৰতো এই একাউণ্ট ব্যৱহাৰ কৰিব পৰা যাব বুলি উল্লেখ কৰে।