নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

PUBG বনাম ৰবীন্দ্ৰনাথ ঠাকুৰ, চীনৰ পুনৰ কৌশলী প্ৰতিক্ৰিয়া…

নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ পাবজিসহ ১১৮টা মোবাইল এপ নিষিদ্ধকৰণৰ পিছত চীনৰ পৰা এটাৰ পিছত এটা প্ৰতিক্ৰিয়া আহিবলৈ ধৰা দেখা গৈছে। কালি ‘মোবাইল এপ নিষিদ্ধ কৰি ভাৰতে ভুল কৰিছে আৰু এয়া শুধৰাব লাগে’ বুলি বাণিজ্য মন্ত্ৰালয়ৰ পৰা দাবী জনোৱাৰ পিছত আজিও ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া।

এইবাৰৰ প্ৰতিক্ৰিয়াত চীনে ব্যৱহাৰ কৰিছে বঙালী ভাবাৱেগ। পাবজি নিষিদ্ধকৰণ প্ৰসংগত সাহিত্যৰ নোবেল বঁটাপ্ৰাপক ৰবীন্দ্ৰনাথ ঠাকুৰক টানি অনা চীনা বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ হুয়া চেনিঙে কয় এইদৰে– ‘চীনত ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতা খুব জনপ্ৰিয়। আমি কেতিয়াও দুঃচিন্তাত পৰা নাই যে ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতা চীনা সংস্কৃতিৰ পৰিপন্থী বা ই চীনা সংস্কৃতিৰ ওপৰত আঘাত। তেনেহ’লে ভাৰতে কি কাৰণত পাবজিক লৈ নিৰাপত্তাৰ শংকাত ভুগিছে। চীনে ভাৰতৰ যোগ সংস্কৃতিক আঁকোৱালি লৈছে, কিন্তু কেতিয়াও নিৰাপত্তাৰ আশংকাত ভোগা নাই।’

উল্লেখ্য চীনৰ এই প্ৰতিক্ৰিয়াই বিশেষকৈ পশ্চিমবংগত বেছ জনপ্ৰিয়তা অৰ্জন কৰিছে। উল্লেখনীয় যে ১৯২৪ চনত প্ৰথমবাৰৰ বাবে চীনত খোজ পেলোৱা বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভ্ৰমণক লৈ চীনা যুৱ সমাজৰ মাজত প্ৰবল বিক্ষোভ প্ৰদৰ্শন হৈছিল যদিও পৰৱৰ্তী কালৰ ভ্ৰমণ ৰবি ঠাকুৰৰ বাবে আছিল পৰম সুখৰ আধাৰ। চীনা চৰকাৰে কবিগৰাকীৰ গুৰুত্বক সঁচা অৰ্থত উপলব্ধি কৰিব পাৰিছিল।

গতিকে পাকেপ্ৰকাৰে চীনে পাবজি প্ৰসংগত ৰবি ঠাকুৰক টানি আনি হ’লেও ভাৰত চৰকাৰৰ নিষিদ্ধকৰণৰ অন্যায্যতা প্ৰমাণ কৰিবলৈ প্ৰচেষ্টা চলোৱা দেখা গৈছে। কিন্তু পাবজিৰ লগত ৰবি ঠাকুৰক টানি আনি আচলতে চীনে সাহিত্যিকগৰাকীৰ গৰিমা লাঘৱ কৰিছে বুলি চৰ্চা চলিছে ভাৰতত।

You might also like