‘জনসংখ্যা ফাউণ্ডেশ্যন’ অসম শাখাৰ উদ্যোগত সাংস্কৃতিক ৰাজধানী খ্যাত যোৰহাট জিলাৰ পৰা মাননীয় প্ৰধান মন্ত্ৰী,লৈ স্মাৰক পত্ৰ প্ৰদান
নিয়মীয়া বাৰ্তা ৪ ছেপ্টেম্বৰঃ জনসংখ্যাৰ ক্ষেত্ৰত চীনৰ পিছতে ভাৰতৰ স্থান ৷ চীন দেশত কেতিয়াবাই জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে কঠোৰ আইন প্ৰণয়নৰ বিপৰীতে ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল দেশত এতিয়াও জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে আইন এখন প্ৰণয়ন নোহোৱাটো অতি অদূৰদৰ্শী তথা পৰিতাপৰ বিষয় ৷ পূৰ্বৰ চৰকাৰ সমূহৰ সোপাঢিলা নীতি,উন্নয়নৰ লেহেমীয়া গতিৰ বাবে হওক বা বিভিন্ন পক্ষৰ হেচাৰ বাবে হওক বা অজ্ঞাত কোনো কাৰণৰ বাবে হওক দেশখনৰ উন্নতিৰ বাবে অতিকৈ প্ৰয়োজনীয় এই মৌলিক সমস্যা সমূহ সমাধানৰ্থে কিন্তু কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল ৷ যাৰ ফলশ্ৰুতিত আজি আমাৰ দেশ ভাৰতবৰ্ষ আগন্তুক এটা দশকৰ ভিতৰত চীনক অতিক্ৰমী বিশ্বৰ আটাইতকৈ জনবহুল দেশ হ’বলৈ গৈ এক ভয়াবহ ভৱিষ্যৎলৈ গতি কৰি আছে ৷
সেয়ে সেই লক্ষ্য আগত ৰাখি কিছুসংখ্যক ৰাষ্ট্ৰপ্ৰেমী দূৰদৰ্শী ব্যক্তিৰ নেতৃত্বত ‘জনসংখ্যা সমাধান ফাউণ্ডেশ্যন”ৰ স্থাপনা ২০১৭ চনত কৰা হৈছিল। ইয়াৰ উদেশ্য আন আন দাবীৰ লগতে সকলোৰে বাবে দুটি সন্তান নীতি নিৰ্ধাৰণ কৰা লগতে কঠোৰ ‘জনসংখ্যা নিয়ন্ত্ৰণ আইন’ খন প্ৰণয়ণৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা আৰু আন্দোলন গঢ়ি তোলা ।
ক্ৰমহ্ৰাসমান সম্পদ আৰু কভিড-১৯ মহামাৰীয়ে কঢ়িয়াই অনা বিশ্বব্যাপী অাৰ্থিক মন্দাৱস্থা তথা দৰিদ্ৰতা নিৰ্মূলকৰণৰ ভীমকায় বোজাৰ পৰিপ্ৰেক্ষিতত দেশৰ ১৩৭ কোটি জনতাৰ দায়িত্ব লোৱাই ৰাষ্টৰ বাবে সমস্যা হৈ দেখাঁ দিছে । জনসংখ্যা বিস্ফোৰণৰ বাবে বিশ্বমানৰ আন্তঃগাঁথনি নিৰ্মাণ,অত্যাধুনিক সেনা বাহিনী,বৈশ্বিক প্ৰতিযোগী কুশল কৰ্মশক্তি,আধুনিক আৰু সৰ্বস্পৰ্শী স্বাস্থ্য সেৱাৰ বাবে অৱশ্যকীয় সম্পদৰ ওপৰত অত্যাধিক চাপ পৰিছে । এই বৰ্ধিত জনসংখ্যাই ৰাষ্ট্ৰনিৰ্মাণ কাৰ্যৰ বাবে আয়ৰ স্ৰোত হোৱাৰ সলনি দেশৰ বহু অংশত সামাজিক অস্থিৰতা তথা বহু অসামাজিক কাৰ্যৰ কাৰণ হৈ সমাজখনৰ লগতে দেশখনত বিভিন্ন প্ৰকাৰে ভাবুকিৰ সৃষ্টি কৰিছে । সামাজিক ক্ৰটিৰেখা সমুহত হেঁচা পৰিছে ফলত ৰাষ্ট্ৰবিৰোধী শক্তিসমুহে অস্থিৰতাৰ সৃষ্টি কৰিবলৈ প্ৰভূত সুযোগ লাভ কৰিছে।
আমাৰ এই ফাউণ্ডেশ্যনে বিশ্বাস কৰে যে বৰ্ত্তমান ৰাষ্ট্ৰৰ সন্মূখত ‘জনসংখ্যা নিয়ন্ত্ৰণ আইন’ প্ৰণয়ন কৰি কঠোৰভাৱে দুটি সন্তান নীতি বলবৎ কৰা বাহিৰে আন উপায় নাই। যোৱা ১১ জুলাই তাৰিখে ‘বিশ্ব জনসংখ্যা দিৱস’ উপলক্ষে ‘জনসংখ্যা সমাধান ফাউণ্ডেশ্যন’ এ অসমৰ ১২৬ খন জিলাৰ পৰা জিলাৰ প্ৰতিনিধিৰ জৰিয়তে দেশৰ মাননীয় প্ৰধানমন্ত্ৰীলৈ এক কঠোৰ ‘জনসংখ্যা নিয়ন্ত্ৰণ আইন’ৰ দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে। এই সৰ্ম্পকত দেশৰ ৫১ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা স্বাক্ষৰিত এক পত্ৰও মাননীয় প্ৰধান মন্ত্ৰীলৈ যোৱা ১৭ জুলাই তাৰিখে প্ৰেৰণ কৰা হয় । কভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা বাধ্যবাধকতাৰ বাবে বহু জিলাৰ পৰা স্মাৰক পত্ৰ প্ৰেৰণ কৰা সম্ভব নহ’ল।
আজি 3 চেপ্টেম্বৰ তাৰিখে ‘জনসংখ্যা ফাউণ্ডেশ্যন’ অসম শাখাৰ উদ্যোগত সাংস্কৃতিক ৰাজধানী খ্যাত যোৰহাট জিলাৰ পৰা মাননীয় প্ৰধান মন্ত্ৰী, মাননীয় গৃহমন্ত্ৰী, শ্ৰী গিৰিৰাজ সিং (কেন্দ্ৰীয় মন্ত্ৰী, মৎস্য,পশু আৰু দুগ্ধউৎপাদন বিভাগ )শ্ৰী জে পি নড্ডা (অধ্যক্ষ ,ভাৰতীয় জনতা পাৰ্টি) আৰু মাননীয় কেন্দ্ৰীয় আইন মন্ত্ৰীলৈ সংসদতৰ আগন্তুক অধিবেশনতে এখন কঠোৰ ‘জনসংখ্যা নিয়ন্ত্ৰণ আইন’ উত্থাপন কৰি বলবৎ কৰিবলৈ দাবী জনাই পত্ৰ প্ৰেৰণ কৰি কৰিছে । অসমবাসী ৰাইজৰ হৈ 600 বছৰীয়া আহোম ৰজাৰ শেষ ৰাজধানী তথা অসমৰ সাংস্কৃতিক জগতৰ প্ৰাণকেন্দ্ৰ স্বৰূপ যোৰহাট জিলাৰ পৰা দিল্লীলৈ এক বাৰ্ত্তা প্ৰেৰণ কৰিব বিছাৰিছোঁ যে, বৃহত্তৰ অসমীয়া জাতি-জনগোষ্ঠীক সৰ্বতোপ্ৰকাৰৰ সুৰক্ষা দিয়াৰ লগতে উঠি অহা প্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত এখন সুন্দৰ অসম গঢ় দিয়াৰ সংকল্পৰে সমূহ অসমবাসীক ‘জনসংখ্যা নিয়ন্ত্ৰন আইন’ৰ পক্ষত সমস্বৰে মাত দিয়াটো এতিয়া সময়ৰ আহ্বান ৷ সেয়ে অনাগত ভয়াবহ পৰিবেশ-পৰিস্থিতিৰ কথা অনুধাৱন কৰি সকলোৱে এই আইনৰ পক্ষত থিয় দিওঁ আহক ৷
আমি আন্তৰিকতাৰে তথা গভীৰ আশাৰে বাট চাই ৰম যাতে অহা ১৫ আগষ্ট স্বাধীনতা দিৱসৰ দিনা দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লালকিল্লাৰ পৰা দেশবাসীক উদ্দেশ্যি দিয়া ভাষনত এই সন্দৰ্ভত এক দৃঢ় পদক্ষেপ গ্ৰহণ কৰি দেশখনৰ মংগলৰ চিন্তাত উৎসৰ্গীত মনোভাৱেৰে কাম কৰা অনৱৰত চিন্তাৰত লোকসকলক আস্বস্ত কৰিব।
আগন্তুক দিনত ‘জনসংখ্যা সমাধান ফাউণ্ডেশ্যন’ এ এই আইন খন প্ৰণয়নৰ বাবে জনসাধাৰণৰ সমৰ্থন বিচাৰি বিভিন্ন চেমিনাৰ,ৰাজহুৱা অনুষ্ঠান আৰু সজাগতা আভিযান চলাই যাবলৈ দৃঢ় সংকল্পবদ্ধ ৷
জনসংখ্যা সমাধান ফাউণ্ডেচন,
যোৰহাট ( অসম )
1) ইস্পিতা বৰুৱা
2) নাঙ লাকী গগৈ
3) সুৰজিৎ গোস্বামী
4) কৌশিক বৰুৱা
5) মঞ্জিৰা ডেকা