নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বড়ো মাধ্যমৰ পৃথক সঞ্চালকালয়, চিৰাং এবছুৰ আদৰণি

নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰঃ বি টি আৰ চুক্তিৰ আধাৰত অসম চৰকাৰে আজি পৱিত্ৰ শিক্ষক দিৱসৰ দিনটোত বড়ো মাধ্যম তথা অন্যান্য জনজাতীয় ভাষাৰ বাবে পৃথক সঞ্চালকালয় স্থাপন কৰাত নিখিল বড়ো ছাত্ৰ সন্থাই আনন্দ প্ৰকাশ কৰিছে। পৃথক সঞ্চালকালয় স্থাপন হোৱাত চিৰাং জিলা সমিতি এবছুৰ উদ্যোগত আজি সন্ধিয়া জিলা সদৰ কাজলগাঁওস্থিত এবছুৰ জিলা কাৰ্যালয় চৌহদত আদৰণি উৎসৱ পালন কৰে।

সহস্ৰাধিক এবছু নেতা কৰ্মী একত্ৰিত হৈ শ্বহীদ নেতা উপেন্দ্ৰ নাথ ব্ৰহ্ম আৰু ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি পুষ্পমাল্য অৰ্পণ কৰে। এবছুৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া জয়ন্ত কুমাৰ বসুমতাৰীয়ে আঁতধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জিলাখনৰ বহুকেইজন বিশিষ্ট ব্যক্তিয়ে শ্ৰদ্ধা নিবেদন কৰে।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাছতে আনন্দত উৎফুল্লিত এবছু কৰ্মীসকলে আতচবাজী কৰি জিলা সদৰত আবতৰীয়া দীপাৱলি সদৃশ পৰিৱেশৰ সৃষ্টি কৰে। তাৰ পূৰ্বে বিয়লি প্ৰায় পাঁচ বজাত এবছু কাৰ্যালয়ৰ সভাকক্ষত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে। উক্ত সভাত এবছু নেতা-কৰ্মীৰ উপৰি জিলাৰ বিভিন্ন বড়ো জাতীয় সংগঠনৰ সৈতে জড়িত বিশিষ্ট ব্যক্তি, বুদ্ধিজীৱী তথা শিক্ষাবিদসকলে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰাৰ লগতে মনৰ আনন্দ প্ৰকাশ কৰে।

বক্তাসকলে নিখিল বড়ো ছাত্ৰ সন্থাই দীৰ্ঘ সময় ধৰি কৰা আন্দোলনৰ বিভিন্ন দাবীৰ ভিতৰত এটা অন্যতম দাবী আছিল বড়ো মাধ্যমৰ বাবে পৃথক সঞ্চালকালয় স্থাপন কৰা। বিটিআৰ চুক্তিৰ আধাৰত আজি এই দাবী বাস্তৱায়িত কৰা বাবে সকলোৱে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।

বিশেষভাৱে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষা মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। বিগত সময়ছোৱাত বড়ো মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলে সন্মুখীন হোৱা সমস্যাসমূহৰ এতিয়াৰ পৰা অন্ত পৰিব বুলি এবছু নেতা জয়ন্ত কুমাৰ বসুমতাৰীয়ে আশা প্ৰকাশ কৰে।

চিৰাং জিলা সমিতি এবছুৰ সভাপতি খনিন্দ্ৰ বসুমতাৰীয়ে আজিৰ এই আনন্দ উৎসৱ উদযাপন অনুষ্ঠানত উপস্থিত থকা সকলোকে ধন্যবাদ জ্ঞাপন কৰে আৰু অনাগত দিনতো সকলোৰে সহযোগিতা কামনা কৰে।

You might also like