ইউপিপিএলৰ কর্মীৰ আক্রমণত আহত ২ বিপিএফ সদস্য
নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ দিন যোৱাৰ লগে লগে বিটিচিত ৰাজনৈতিক দলৰ তৃণমূল পর্যায়ৰ কর্মীসকলৰ মাজত সংঘাত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ বিশেষকৈ বিটিচিৰ দুই প্রধান প্রতিদ্বন্দ্বী দল বিপিএফ আৰু ইউপিপিএলৰ কর্মীৰ সংঘাতে বিটিচিৰ ৰাজনীতি উত্তপ্ত কৰি তুলিছে৷ কালি নিশা বিটিএডিৰ তথা ওদালগুৰি জিলাৰ ভেৰগাঁও পৰিষদীয় সমষ্টিৰ হঁাহচৰা ভিচিডিচিৰ তুৰিবস্তিত বিপিএফ– ইউপিপিএলৰ কর্মীৰ সংঘাতত উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়৷ তুৰিবস্তিৰ পৰিমল বসুমতাৰী নামৰ ইউপিপিএলৰ কর্মীজনে মটৰচাইকেলেৰে খুন্দিয়াই প্রাণেমৰাৰ চেষ্টা চলায় দুই বিপিএফ কর্মী ক্রমে বিপুল বডো আৰু অৰবিন্দ বডোক৷ ইয়াক লৈ দুই পক্ষৰ মাজত মৃদু কাজিয়াৰ সৃষ্টি হয়৷ লগে লগে পৰিমল বসুমতাৰীৰ নেতৃত্বত একাংশ লোকে চোকা অস্ত্রৰে আক্রমণ কৰি হত্যাৰ চেষ্টা চলায় বিপিএফৰ কর্মী দুজনক৷ আক্রমণত বিপিএফৰ কর্মী দুজন কিছু পৰিমাণে আহত হয় যদিও প্রাণৰক্ষা কৰিবলৈ সক্ষম হয়৷
আনহাতে, দলটোৱে অৰবিন্দ বডোৰ ঘৰ–দুৱাৰ লণ্ডভণ্ড কৰাৰ লগতে দোকানঘৰো ভাঙি পেলায়৷ পুৱাই ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে৷ ভেৰগাঁও সমষ্টিৰ প্রাক্তন এম চি এল এ নেৰছন বডোই পুৱাই অৰবিন্দ বডোৰ বাসগৃহত উপস্থিত হৈ এই ঘটনাক তীব্র ভাষাৰে গৰিহণা দিয়াৰ লগতে সকলোকে শান্তি–সম্প্রীতি বজাই ৰাখিবলৈ আহ্বান জনাইছে৷