নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ এবছৰলৈ বার্চিলোনাতে মেছি

নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ পুনৰ এবছৰলৈ বার্চিলোনাৰ জার্ছিত দেখিবলৈ পোৱা যাব আধুনিক ফুটবলৰ ৰাজপুত্র লি’নেল মেছিক৷ জল্পনা–কল্পনাৰ অন্ত পেলাই আর্জেণ্টিনাৰ ছুপাৰষ্টাৰগৰাকীয়ে আজি নিজ মুখেই এই কথা ঘোষণা কৰিছে৷ একালৰ প্রিয় ক্লাব বার্চিলোনাৰ বিৰুদ্ধে আইনী যুঁজত নামিবলৈ ইচ্ছা প্রকাশ নকৰি মেছিয়ে কয় যে তেওঁক মুকলি কৰি দিয়াৰ বিনিময়ত বার্চিলোনাই ৭০০ মিলিয়ন ইউৰো অর্থাৎ ৮৪২ মিলিয়ন ডলাৰ বিচাৰিছে৷ ‘মই ভাবিছিলোঁ আৰু নিশ্চিত আছিলো যে দলে মোক মই বিচৰা ধৰণেই মুকলি কৰি দিব৷ সভাপতিৰ সৈতেও মই বিষয়টো আলোচনা কৰিছিলোঁ৷ ছিজনৰ অন্তত এই বিষয়ত মই সিদ্ধান্ত ল’ব পাৰিম বুলি তেওঁ মোক জানিব দিছিল৷ কিন্তু এতিয়া দলটোৱে মোক মুকলি কৰি দিব বিচৰা নাই৷

ইয়াৰ বিনিময়ত তেওঁলোকে মোৰ পৰা ৭০০ মিলিয়ন ইউৰোৰ জৰিমনা বিচাৰিছে৷ ’– মেছিয়ে এইদৰে কয়৷ ছয়বাৰৰ ফিফাৰ বর্ষশ্রেষ্ঠ খেলুৱৈৰ বঁটা বিজয়ী বার্চিলোনাৰ ছুপাৰ ষ্টাৰগৰাকীয়ে এই কথা আজি পুনৰ এবাৰ মুকলিকৈ উল্লেখ কৰে যে বার্চিলোনা তেওঁৰ অত্যন্ত প্রিয় ক্লাব৷ ফুটবল কেৰিয়াৰত বার্চিলোনাৰ পৰা তেওঁ সকলোখিনি সুখ্যাতি অর্জন কৰিছে৷ কেৰিয়াৰৰ আৰম্ভণিৰে পৰা তেওঁক ক্লাবটোৱে সঠিকভাৱে লালন–পালন কৰি প্রতিষ্ঠিত কৰিছে৷ সেয়ে প্রিয় ক্লাবটোৰ বিৰুদ্ধে আইনী যুঁজত নামিবলৈ তেওঁৰ ইচ্ছা নাই৷ মন কৰিবলগীয়া যে পূর্বৰ চুক্তি অনুসৰি মেছিয়ে অহা বর্ষৰ জুন মাহপর্যন্ত বার্চিলোনাত থাকিব লাগিব৷ এই চুক্তি ভংগ কৰিলে তেওঁৰ বিৰুদ্ধে বার্চিলোনা আদালতৰ দ্বাৰস্থ হোৱাৰ ভাবুকি দিছে৷ কিন্তু মেছিয়ে আইনী মেৰপেঁচৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লোৱাত তাৰকাগৰাকীক পুনৰ এবছৰৰ বাবে বার্চিলোনাৰ শিবিৰত দেখিবলৈ পোৱাটো নিশ্চিত হ’ল৷ উল্লেখ্য যে বিগত চেম্পিয়নছ লীগৰ কোৱার্টাৰ ফাইনেলত বেয়ার্ন মিউনিখৰ হাতত বার্চিলোনা ২–৮ গ’লত বিধ্বস্ত হোৱাৰ পিছতে ক্লাবটোৰ সৈতে সংঘাতৰ সূত্রপাত ঘটিছিল ছুপাৰষ্টাৰ মেছিৰ

You might also like