বৰমেছাই ৱাটাৰ হাৰ্ভেষ্টিং প্ৰকল্পৰ নামত লাখ লাখ টকা আত্মসাৎ ঠিকাদাৰৰ
নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰ: শেহতীয়াকৈ অসম চৰকাৰে কৃষকৰ উন্নতিৰ জৰিয়তে অসমত অৰ্থনৈতিক বুনিয়াদ মজবুত কৰাৰ প্ৰয়াস অব্যাহত ৰাখাৰ সময়তে তিনিচুকীয়া জিলাৰ কাকপথাৰত ৰূপায়িত এক প্ৰকল্পই সম্পূৰ্ণ বিপৰীত ছবি এখন প্ৰতিফলিত কৰিছে। একাংশ অৰ্থলুলুপ বিষয়া, অভিযন্তা আৰু লুণ্ঠনকাৰী ঠিকাদাৰৰ কৰ্মকাণ্ডই কৃষকক সকাহ দিয়াৰ পৰিৱৰ্তে মাধমাৰ সোধোৱাৰ উৎকৃষ্ট উদাহৰণ হ’ল কাকপথাৰৰ এটা জলছেদ প্ৰকল্প৷
উল্লেখ্য যে তিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টি তথা কাকপথাৰ উন্নয়নখণ্ডৰ অন্তৰ্গত ডিৰাক গাঁও পঞ্চায়তৰ বৰমেছাই গাঁৱত সম্পন্ন কৰা বৰমেছাই গালি কন্ট্ৰ’ল প্ৰজেক্ট, ২০১৯-২০ ৰ বাবে আৱণ্টন দিয়া হৈছিল ২২ লাখ টকা। উক্ত ৱাটাৰ হাৰ্ভেষ্টিং প্ৰকল্পৰ আৰ চি চি স্পিল ৱে নিৰ্মাণৰ ঠিকাটো লাভ কৰিছিল বাৰেকুৰিৰ প্ৰনৱ চেতিয়া ওৰফে কানিয়াই। পৰিকল্পনা অনুসৰি ১২০ হেক্টৰ কৃষিভূমিৰ অন্তৰ্গত ১৫০ টা কৃষক পৰিয়াল প্ৰত্যক্ষভাৱে লাভান্বিত হ’ব। আনকি প্ৰতি হেক্টৰত ৫৭ কুইণ্টল ধান উৎপাদন হ’ব বুলিও কোৱা হৈছিল। প্ৰকল্পটোৰ জৰিয়তে জলসিঞ্চন, ভূমি স্খলন ৰোধ, পানী সংৰক্ষণ, জল নিৰ্গমন, শস্য উৎপাদন আৰু উপাৰ্জন বৃদ্ধি আদি দিশসমূহ সামৰি লব বুলিও কোৱা হৈছিল।
উল্লেখ্য যে অসম চৰকাৰৰ ভূমি সংৰক্ষণ বিভাগৰ ডিব্ৰুগড়ৰ পূৰ্বাঞ্চলীয় সংমণ্ডলৰ অধীনত তিনিচুকীয়া ভূমি সংৰক্ষণ আঞ্চলিক কাৰ্যালয়ে তদাৰক কৰা প্ৰকল্পটো ৰূপায়ণৰ নামত সংঘটিত হৈছে বিয়াগোম কেলেংকাৰি। এছ অ’ পি ডি আঁচনিৰ অধীনত ২২ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বৰমেছাই নলা নিয়ন্ত্ৰণ প্ৰকল্পটোৰ জৰিয়তে কৃষক ৰাইজে অন্যান্য সা- সুবিধাসমূহ লাভ কৰাটো বাদেই পকী নলাইদি কৃষি ক্ষেত্ৰলৈ পানী প্ৰৱেশৰ পৰিৱৰ্তে বাহিৰলৈহে ওলাই যোৱাহে পৰিলক্ষিত হ’ল। অৰ্থাৎ পথাৰ বা জলাশয়ৰ পৃষ্ঠভূমিতকৈও ওপৰত নিৰ্মাণ কৰা হৈছে নৰ্দমাবোৰ। অতি নিকৃষ্টমানৰ নিৰ্মাণকাৰ্যৰে সম্পন্ন হোৱা প্ৰকল্পটোৰ আৰ চি চি নলাসমূহ ফাটি পৰাৰ পৰাই নহয়, নলাসমূহ পানীৰ পৰিৱৰ্তে বোকা মাটি আৰু ঘাঁ- বনেৰে ভৰি পৰিছে। অভিযোগ মতে উক্ত প্ৰকল্পটোৰ জৰিয়তে ১৫০ টা কৃষক পৰিয়াল উপকৃত হোৱাৰ পৰিৱৰ্তে পৰোক্ষভাৱে ক্ষতিগ্ৰস্তহে হৈছে।
উত্থাপিত অভিযোগ অনুসৰি ডিব্ৰুগড়ৰ বিভাগীয় কাৰ্যালয়ত ২৪ শতাংশ ক’ণ্টিজেঞ্চি কাটি ৰখা ২০ লাখ টকা পুঁজিৰ পৰা ঠিকাদাৰে নিৰ্মাণকাৰ্যৰ নামত এক চতুৰ্থাংশও খৰচ কৰা নাই। অতি তাৎপৰ্যপূৰ্ণ বিষয় যে শনিবাৰে ব্ৰহ্মপুৱাতে গুৱাহাটীৰ পৰা অহা বিভাগৰ এটা তদন্তকাৰী দল কাকপথাৰৰ প্ৰকল্প স্থলীলৈ যোৱাৰ বাতৰি পোৱা গৈছে। জনামতে দুৰ্নীতিৰ এই ঘটনাটোৱে স্থানীয় বিধায়ককো বিপাঙত পেলাইছে।