চন্দ্রপুৰ পানীখাইতীত ক’ভিড প্রট’কলক বুঢ়া আঙুলি মাছ ব্যৱসায়ীৰ
সামাজিক দূৰত্ব উলংঘা–মাস্ক পৰিধান নকৰাকৈ হেতা–ওপৰা ক্রেতা–বিক্রেতাৰ
নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ ৰাজ্যৰ লগতে মহানগৰীত ক’ভিড প্রট’কল বহু পৰিমাণে শিথিল কৰি ৰাজ্য চৰকাৰৰ মুখ্য সচিবে জাৰি কৰিছে নতুন নির্দেশনা আৰু এই নির্দেশনা অমান্য কৰা প্রতিজন ব্যক্তি তথা প্রতিষ্ঠানৰ বিৰুদ্ধে আৰক্ষী প্রশাসনক অধিক কঠোৰ হ’বলৈ আহ্বান জনায়৷ এই পৰিপ্রেক্ষিতত আৰক্ষী প্রশাসন অধিক কঠোৰ হোৱা দেখিবলৈ পোৱা যায়৷ কিন্তু ইয়াৰ মাজতো একাংশ অবিবেচকী লোকে ক’ভিড প্রটকলক বুঢ়া আঙুলি দেখুওৱা দেখিবলৈ পোৱা গৈছে৷
তেনে এক ঘটনা সংঘটিত হৈছে মহানগৰীৰ পানীখাইতী, চন্দ্রপুৰ আৰু পশ্চিম মায়ং অঞ্চলত৷ আনলক প্রক্রিয়া আৰম্ভ হোৱাৰ পৰাই পানীখাইতীৰ ৰে’ল গেটৰ মাছ ঘাট, চন্দ্রপুৰৰ হাজংবৰীৰ দোম্পৰা মাছ ঘাট আৰু পশ্চিম মায়ঙৰ গোৱর্ধন মাছ ঘাটত প্রতিদিনে পুৱাৰ ভাগত দেখিবলৈ পোৱা যায় মাছ ক্রেতা আৰু বিক্রেতাৰ অভাৱনীয় ভিৰ৷ কিন্তু এই ভিৰৰ মাজত ক’ভিড প্রট’কল নামানি মুখত মাস্ক পৰিধান নকৰাকৈ আৰু সামাজিক দূৰত্বৰ কোনো চিন নৰখাকৈ ক্রেতা আৰু বিক্রেতাই চলাই আহিছে মাছৰ ব্যৱসায়৷ সাধাৰণতে এই মাছসমূহ আহে ব্রহ্মপুত্র নদী আৰু উপনদী কলং–ডিগাৰু আৰু ওচৰৰ বিলসমূহৰ পৰা৷
তদুপৰি এই মাছসমূহ ক্রয় কৰাৰ বাবে স্থানীয় ক্ষুদ্র ব্যৱসায়ীৰ লগতে স্থানীয় ৰাইজ আৰু মহানগৰীৰ বিভিন্ন ঠাইৰ পৰা ক্ষুদ্র ব্যৱসায়ী আহে৷ যিয়ে মাছ ইয়াৰ পৰা ক্রয় কৰি মহানগৰীৰ ভিন্ন স্থানত বিক্রী কৰে৷ উল্লেখ্য যে সম্প্রতি ৰাজ্যৰ লগতে মহানগৰীত অভাৱনীয়ভাৱে বৃদ্ধি পাই আহিছে ক’ভিড আক্রান্ত ৰোগীৰ লগতে মৃতকৰ সংখ্যা৷ তেনে সময়ত এনেদৰে নিয়ম উলংঘা কৰি নিজৰ ব্যৱসায় চলাই থকা এইসকল ক্রেতা–বিক্রেতাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্রহণ কৰে স্থানীয় প্রাগজ্যোতিষপুৰ আৰক্ষী থানা আৰু পানীখাইতী আৰক্ষী চকীয়ে সেয়া লক্ষণীয় হ’ব৷