নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘মোৰ লগত বেয়া কৰিলে, সেই কাৰণে মাৰিলো’… ৰাহুল বসুমতাৰীৰ হত্যাকাৰীক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ জে কে শইকীয়া মেম’ৰিয়েল হোমি’পেথিক মহাবিদ্যালয়ৰ ইণ্টাৰনী চিকিৎসক ৰাহুল বসুমতাৰীৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। চিকিৎসক বসুমতাৰীৰ মৃতদেহ কালি পুৱা তেওঁৰ ভাৰাঘৰৰ কোঠাত উদ্ধাৰ হোৱাৰ পিছতে হত্যাকাৰীৰ পম খেদি অভিযান আৰম্ভ কৰে আৰক্ষীয়ে।

যোৰহাট আৰক্ষীয়ে ২৪ ঘণ্টাৰ ভিতৰতে দিগন্ত তাঁতী নামৰ হত্যাকাৰী যুৱকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। যোৰহাটৰ টোকলাই চাহ গৱেষণা কেন্দ্ৰৰ ওচৰৰ পৰা গ্ৰেপ্তাৰ কৰে তাঁতীক। লগতে আৰক্ষীয়ে চিনামৰা বাগিচাৰ সমীপৰ এটা ঘৰৰ পৰা ধৃত তাঁতীৰ স্বীকাৰোক্তি মৰ্মে ৰাহুল বসুমতাৰীৰ ৰয়েল এনফিল্ড মটৰচাইকেলখন, কেমেৰা আদিৰ লগতে নগদ ২৭,৫৮৫ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

পেছাত ৰং মিস্ত্ৰীৰ কাম কৰা দিগন্ত তাঁতী নিহত ডাঃ ৰাহুল বসুমতাৰীৰ বন্ধু আছিল। আৰক্ষীৰ জেৰাত ধৃত দিগন্তই হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰাৰ লগতে হত্যা কৰাৰ পিছত তাঁতীয়ে বাথৰূমত গা-পা ধুই ৰাহুলৰ কোঠাত বহু সময় পাৰ কৰে আৰু পিছত তাৰ পৰা ওলাই আহে বুলি স্বীকাৰ কৰে।

সাংবাদিকে কিয় হত্যা কৰিলে বুলি প্ৰশ্ন কৰাত ‘মোৰ লগত বেয়া কৰিলে, সেই কাৰণে মাৰিলো’ বুলি কয়। এতিয়ালৈ হত্যাৰ কাৰণ ইয়াতকৈ বিশেষ জানিব পৰা হোৱা নাই যদিও আৰক্ষীৰ সোধা-পোছাৰ অন্তত ওলাই পৰিব ৰাহুল বসুমতাৰীৰ হত্যাৰ ৰহস্য।

You might also like