আমচৈত অগ্নিকাণ্ড…
নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ আমচৈ অঞ্চলৰ বে-গাঁৱত ৬ ছেপ্টেম্বৰৰ দিনৰ ১১ টামান বজাত অগ্নিকাণ্ডৰ ফলত এখন কাপোৰৰ দোকান আৰু এখন গেলামালৰ দোকান সম্পূৰ্ণভাৱে ভস্মীভূত হয়। ওচৰ-চুবুৰীয়াৰ পৰা জানিব পৰা মতে, জুই লগাৰ সময়ত কাপোৰৰ দোকানখন বন্ধ আছিল আৰু কাপোৰৰ দোকানখনৰ পৰাই এই জুইৰ সূত্ৰপাত হয়।
পিছত কাপোৰৰ দোকানখনৰ জুয়ে গাতে লাগি থকা গেলামালৰ দোকানখনতো বিয়পি পৰে। স্থানীয় মানুহে আহি এই জুই নুমাবলৈ চেষ্টা কৰে যদিও দোকান দুখন সম্পূৰ্ণভাৱে ভস্মীভূত হোৱাৰ পিছতহে জুই নিয়ন্ত্ৰণলৈ আহে। এই অগ্নিকাণ্ডৰ ফলত ক্ষুদ্ৰ ব্যৱসায়ী খৰচিং বে আৰু ৰাজেন বে’ৰ লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হয়।
স্থানীয় ৰাইজে অনুমান কৰা অনুযায়ী বৈদ্যুতিক বিজুতিৰ বাবেই কাপোৰৰ দোকানখনত জুই লাগে আৰু এই জুয়ে ওচৰতে থকা গেলামালৰ দোকানখনকো সামৰি লয়।