নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিৰল প্ৰকৃতি প্ৰেম… এতিয়ালৈ নদীত এৰি দিলে ১১৫টা কাছ

নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ ঢকুৱাখনা মহকুমাৰ পশ্চিম ঢকুৱাখনাৰ মাজ জালভাৰী গাঁওৰ প্ৰকৃতিৰ নিৰৱ সাধক পুৰোহিত অতুল শৰ্মাই আজি ১১৫ সংখ্যক কাছটো চাৰিকড়িয়া নদীৰ বলাই ঘাটত এৰি দি জীৱন দান কৰাৰ লগতে জলভাগত প্ৰকৃ‌তিৰ ভাৰসাম্য ৰক্ষা কৰে ৷

শৰ্মাই নিজৰ পুৰোহিত জীৱনত বিভিন্ন সময়ত দানসূত্ৰে লাভ কৰা বিভিন্ন প্ৰজাতিৰ কাছ ঢকুৱাখনা মহকুমাৰ চাৰিকড়িয়া, কঢ়া, দাংধৰা, চামপৰা আদি নদীৰ পানীত এৰি জীৱন দান কৰি আহিছে ৷ পুৰোহিতগৰাকীৰ এনে মহৎ কৰ্মক প্ৰকৃতি সংগঠনসমূহৰ লগতে বিভিন্ন দল-সংগঠনে ভূয়ংসী প্ৰশংস কৰাৰ উপৰি মান-পত্ৰও প্ৰদান কৰি সম্বৰ্ধিত কৰিছে ৷

আজি দিনৰ ১২ বজাত পুৰোহিতগৰাকী প্ৰেছ গ্ৰীল্ড ঢকুৱাখনাৰ অস্থায়ী কাৰ্যালয়ত উপস্থিত হৈ নিজৰ উদ্দেশ্য ব্যক্ত কৰাত প্ৰেছ গ্ৰীল্ড ঢকুৱাখনাৰ নৱনিৰ্বাচিত সভাপতি আলোক চমুৱা, সম্পাদক ৰাজীৱ বৰুৱাকে ধৰি সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে গৈ ঢকুৱাখনাৰ চাৰিকড়িয়া নদীৰ বলাই ঘাটত এৰি দিয়ে ৷

You might also like