ছয়গাঁৱৰ ৰিহাবাৰীৰ গুইমাৰীত গৰাহনীয়া, ৰাইজে কৰিলে খহনীয়া প্ৰতিৰোধ
নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ জনজাতি অধ্যুষিত অঞ্চল ৰিহাবাৰীৰ গুইমাৰিত খৰখৰী নৈত প্ৰায় ৫০ মিটাৰ এলেকা জাহ যোৱাত আজি ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসুচী দাবী সমিতিৰ উদ্যোগত আৰু অঞ্চলবাসী ৰাইজৰ সহযোগত শ্ৰম দান কৰি গৰাখনীয়া প্ৰতিৰোধ কৰাৰ বাবে বাঁহ আৰু বস্তাত বালি ভৰাই গৰাখনীয়া প্ৰতিৰোধ কৰে ।
উল্লেখ্য যে ছয়গাঁৱৰ পৰা উকিয়ামলৈ যোৱা পথৰ ৰিহাবাৰীৰ গুইমাৰীত হোৱা গৰখহনীয়াই অঞ্চলবাসী ৰাইজলৈ তীব্ৰ ভাবুকি স্বৰূপ হৈ পৰিছে । এই গৰাখহনীয়া হোৱাত সংশ্লিষ্ট বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে । যি কাম জলসম্পদ বিভাগে কৰিব লাগিছিল সেই কাম ৰাভা ছাত্ৰ সন্থা তথা ৰাইজে কৰিব লগা হোৱাত জলসম্পদ বিভাগৰ স্বৰূপটো উদঙাই দিয়াৰ দৰে হৈছে ।
উল্লেখ্য যে আজি ৰাভা ছাত্ৰ সন্থাৰ লগতে অঞ্চলবাসী ৰাইজে এই গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিলে তাৰ বাবে সচেতন মহলে ৰাভা ছাত্ৰ সন্থা তথা ৰাইজক ভূয়সী প্ৰশংসা কৰাৰ লগতে সংশ্লিষ্ট বিভাগক তীব্ৰ সমালোচনা কৰে ।
আজি এই শ্ৰমদান কাৰ্যসূচীত উপস্থিত থাকে নিখিল ৰাভা ছাত্ৰ সন্থাৰ উপ-সভাপতি প্ৰদীপ ৰাভা, ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভা, ৰাভা হাছং স্বায়ত্ব পৰিষদৰ সাধাৰণ সদস্য উদ্ধৱ ৰাভা, কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি অজিত ৰাভা, কামৰূপ জিলা ষষ্ঠ অনুসুচী দাবী সমিতিৰ সভাপতি বিদ্যা ৰাভা, ছয়গাঁও, আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি জিতেন ৰাভা, সম্পাদক অৰবিন্দ ৰাভা, ছয়গাঁও আঞ্চলিক মহিলা পৰিষদৰ সভানেত্ৰী সুজাতা ৰাভা দলৈৰ লগতে দক্ষিণ ছয়গাঁও ব্যৱসায়ী সন্থাৰ সভাপতি-সম্পাদককে প্ৰমুখ্য কৰি অঞ্চলবাসী ৰাইজ ।