নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটৰ মুনমীৰ বৃক্ক সংৰোপণৰ দায়িত্ব ল’লে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই

নিয়মীয়া বাৰ্তা ৭ ছেপ্টেম্বৰঃ  গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা যোৰহাট পুলিবৰৰ মুনমী বণিয়া নামৰ ছাত্রীগৰাকীৰ চিকিৎসাৰ দায়িত্ব ল’লে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বিগত ৬ দিন ধৰি জিএমচিএইচৰ আইচিইউত চিকিৎসাধীন মুনমীৰ দেহত বৃক্ক সংৰোপণ কৰিব লাগিব বুলি চিকিৎসকে পিতৃ–মাতৃক জানিবলৈ দিছিল৷ কন্যাৰ চিকিৎসাৰ বাবে বৃহৎ পৰিমাণৰ ধনৰ প্রয়োজন হোৱাত দৰিদ্র পিতৃ–মাতৃয়ে ৰাইজৰ সহায় বিচৰাৰ লগতে স্বাস্থ্যমন্ত্রীক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছিল৷ এই আহ্বানৰ প্রতি সঁহাৰি জনাই স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মুনমীৰ বৃক্ক সংৰোপনৰ সমস্ত দায়িত্ব লয়৷ উল্লেখ্য যে দিন–হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া মুনমীৰ পিতৃয়ে নিজৰ চাইকেলখন ১৫০০ টকাত বন্ধকত দি কোনোমতে গুৱাহাটীত উপস্থিত হৈ মুনমীক জিএমচিএইচত ভর্তি কৰে৷ নৱম শ্রেণীত অধ্যয়নৰত মুনমীৰ চিকিৎসাৰ বাবে ধন বিচাৰি পিতৃ–মাতৃয়ে এসাঁজ খাই এসাঁজ নাখাই গুৱাহাটীত ঘূৰি–ফুৰি বিভিন্নজনৰ ওচৰত সহায় বিচাৰিছে৷ কোনো সুহূদ ব্যক্তিয়ে মুনমীৰ চিকিৎসাৰ বাবে অর্থ সাহায্য আগবঢ়াব বিচাৰিলে ইউকো বেংকৰ একাউণ্ট নং–৩১১৬০১১০০০৩১১৬, আইএফএছচি–ইউচিবিএ০০০৩১১৬ জৰিয়তে সহায় আগবঢ়াব পাৰিব৷

You might also like