ইউপিত প্রাক্তন বিধায়কক লাঠীৰে মৰিয়াই হত্যা, ভূমি বিবাদেই কাল হ’ল নির্বেন্দ্র মিশ্রৰ
নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰঃ উত্তৰ প্রদেশৰ লখিমপুৰ খেৰিত ভূমি বিবাদত এগৰাকী প্রাক্তন বিধায়কক মৰিয়াই হত্যা কৰা ঘটনাক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ নির্বেন্দ্র কুমাৰ মিশ্র নামৰ ৰাজনীতিকগৰাকী পালিয়া সমষ্টিৰ পৰা তিনিবাৰকৈ বিধানসভালৈ নির্বাচিত হৈছিল৷
উল্লেখনীয় যে কালি পুৱাৰ ভাগতে লখিমপুৰ খেৰিৰ ট্রিক’লিয়া বাছ আস্থানৰ সমীপতে দুটা পক্ষৰ ভূমি বিবাদে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ স্থানীয় সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি দুর্বৃত্তৰ দল এটাই ইয়াৰ পিছতে আহি নৃশংসভাৱে প্রাক্তন বিধায়ক মিশ্রক লাঠীৰে মৰিয়াই মৰিয়াই হত্যা কৰে৷
ইফালে মিশ্রৰ পুত্র সঞ্জীৱৰ ওপৰতো আতিশয্য চলাইছে দুর্বৃত্তৰ দলটোৱে৷ আৰক্ষী অধীক্ষকে সংবাদ মাধ্যমক জনোৱা অনুসৰি মিশ্রৰ ওপৰত সংঘটিত আক্রমণৰ ঘটনা সন্দর্ভত ইতিমধ্যে গোচৰ ৰুজু কৰি দুর্বৃত্তক কৰায়ত্ত কৰাৰ বাবে অভিযান চলোৱা হৈছে৷ ইফালে, এই ঘটনাৰ পিছতে স্থানীয় লোকসকলে গ্রহণ কৰিছে প্রতিবাদী কার্যসূচী৷