নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰৰ সদিচ্ছা অবিহনে চিৰদিনলৈ বন্ধ হ’ব পাৰে নগাঁও কাগজ কল; এন,চি,এল,টিত ১৪ ছেপ্টেম্বৰত হ’ব চূড়ান্ত সিদ্ধান্ত  

নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰঃ কেইবা বছৰ ধৰি বন্ধ হৈ থকা জাগীৰোডস্থিত নগাঁও কাগজ কল পুনৰোজ্জীৱিত কৰাৰ বাবে কলটোৰ কৰ্মচাৰী তথা বিভিন্ন দল সংগঠনে দাবী জনাই অহাৰ সময়তে কলটো সন্দৰ্ভত আহিছে এটি বিশেষ বাৰ্তা।  এন,চি,এল,টি ৰ কৰ্টত ১৪ চেপ্তেম্বৰত নিৰ্ণয় হ’ব পাৰে দীৰ্ঘদিন বন্ধ হৈ থকা নগাঁও আৰু কাছাৰ কাগজ কল দুটাৰ লগতে ইয়াৰ হাজাৰ হাজাৰ কৰ্মচাৰীৰ ভাগ্য ।

কেন্দ্ৰীয় অথবা ৰাজ্য চৰকাৰৰ লগতে অন্য কোনো প্ৰতিস্থানে উদ্যোগটো চলাবলৈ আগবাঢ়ি নাহিলে তিনিবছৰে বন্ধ হৈ থকা উদ্যোগটো চিৰদিনলৈ বন্ধ হ’ব ।  অসম বিধান সভাৰ অধিবেশনত কাগজ কল দুটাৰ সন্দৰ্ভত উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে দিয়া বক্তৱ্যক লৈ মুঠেও সন্তুষ্ট নহয় উদ্যোগ দুটাৰ কৰ্মচাৰী সকল । চৰকাৰৰ সদিচ্ছাৰ অভাৱৰ বাবেই দীৰ্ঘদিন ধৰি বন্ধ হৈ আছে মিল দুটা। যি সময়ত কেৰালা  চৰকাৰে হিন্দুস্থান কাগজ নিগমৰ কেৰালাস্থ কাগজ কলটো চলাবলৈ আগবাঢ়ি আহিছে,অথচ অসমত আৰু কেন্দ্ৰ উভয়তে বিজেপি দলৰ চৰকাৰ থকাৰ পিছটো সদিচ্ছাৰ অভাৱৰ বাবে কোনো পক্ষই আশাৰ বতৰা দিব পৰা নাই। এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নগাঁও কাগজ কলৰ কৰ্মচাৰী ইউনিয়নৰ সম্পাদক আনন্দ বৰদলৈয়ে কয় যে এন,চি, এল,টি য়ে কল দুটা নিলাম কৰিলে কাগজ কলত কাকো প্ৰবেশ কৰিবলৈ দিয়া নহব । চৰকাৰে এন,চি,এল,টি ত উপস্থিত হৈ মিল দুটা চলাবলৈ আগ্ৰহ কৰিলেই এই সমস্যাৰ পৰা মুক্ত হ’ব পাৰে ।

অন্যথা অসমৰ দুটাকৈ বৃহৎ উদ্যোগ বন্ধ হৈ ৰাজ্যখনৰ বৃহৎ ক্ষতি হ’ব । হাজাৰ হাজাৰ কৰ্মচাৰীৰ পৰিয়াললৈ অন্ধকাৰ নামি আহিব । নতুনকৈ শ শ নিৱনুৱাৰ সংস্থাপনৰো বাট বন্ধ হ’ব । কাগজ কলদুটাক লৈ ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰৰ হেমাহি আৰু অৱহেলাত আজি ৪৪ মাহে নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰী সকলে দৰমহাৰ পৰা বঞ্চিত হৈ এক দুৰ্বিসহ জীৱন যাপন কৰিছে । বিজেপি চৰকাৰে অসমৰ দুটাকৈ কাগজ উদ্যোগক পুনৰ সক্ৰিয় কৰি কৰ্মচাৰীৰ দাবী সমুহ পূৰণ কৰিবনে সেয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে । সকলোৰে অপেক্ষা অহা ১৪ চেপ্তম্বৰৰ এন,চি,এল,টি ৰ আদালতৰ অন্তিম শুনানীলৈ । যদিহে চৰকাৰ তথা কোনো প্ৰতিস্থান আগবাঢ়ি নাহে তেন্তে চিৰদিনলৈ বন্ধ হ’ব হাজাৰ হাজাৰ লোক জড়িত থকা অসমৰ দুটাকৈ বৃহত উদ্যোগ ।

You might also like