নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্ৰহ্মপুত্ৰৰ বুকুত ফেৰী চলাচলৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী সোণোৱালে

নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আভ্যন্তৰীণ জলপৰিবহন মন্ত্ৰালয়ৰ অধিনত এক নতুন ফেৰি সেৱা আৰম্ভ কৰি ককিলামুখ তথা কাৰ্তিক চাপৰিৰ ৰাইজৰ এক দীৰ্ঘদিনীয়া যাতায়তৰ সমস্যা সমাধান কৰে । যোৰহাটৰ এক ঐতিহ্যস্থলী ককিলামুখৰ পৰা কাৰ্তিক চাপৰিলৈ ফেৰী চলাচল কৰা নতুন পাৰঘাটটোত ফেৰি সেৱা আৰম্ভ কৰা অনুস্হানত প্ৰথমবাৰৰ বাবে ফ্লেগ অন কৰি এই শুভক্ননৰ বিৰল সাক্ষী হৈ ৰ’ল স্বয়ং মুখ্যমন্ত্ৰী |আভ্যন্তৰীণ জল পৰিবহনৰ অন্তৰ্গত লুইতৰ বুকুয়েদি চলাচল কৰিবলগা এচ,বি,ধ’লা নামৰ ফেৰীখনৰ উদ্ধোধনী অনুষ্ঠানত যোৰহাটৰ উপায়ুক্ত পায়ুক্ত ৰশ্মি অপৰাঞ্জি কৰাটি প্ৰমুখ্যে অৰণ্য মানৱ যাদৱ পায়েঙৰ উপৰিও কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।

You might also like