নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাদৈ টিপামত ফুৰালুং পদ্ধতিৰে আহোমৰ উপসনাস্থলী “চ‍্যাও-চেং- ৰেণ”ৰ উদ্ধোধন; টিপামে কঢ়িয়াইছে স্বাৱলম্বীতাৰ পথ

নিয়মীয়া বাৰ্তা ৮ ছেপ্টেম্বৰঃ ছশ বছৰীয়া আহোম সাম্ৰাজ্যৰ পাতনি মেলা টিপামৰ দেওশালি পাহাৰৰ সুউচ্চ চকমক টিলাত পূৰ্বপুৰুষ চ‍্যুকাফাক সুঁৱৰি ফুৰালুং পদ্ধতিৰে আহোমৰ উপসনাস্হলী “চ‍্যাও-চেং- ৰেণ”ৰ শুভ উদ্ধোধন কৰা হয় । এই উপলক্ষে টাই আহোম যুৱ পৰিষদ,অসম (টাইপা) ৰ উদ্যোগত নৱনিৰ্মীত টাই আহোমৰ উপাসনাস্থলী কালি পুৱা ৯ বজাৰ পৰা আহোমৰ পৌৰাণিক ৰীতি-নীতিৰে উদ্বোধন কৰা হয় । পৰৱৰ্তী কাৰ্যসূচী অনুসৰি নাহৰকটীয়া আৰু টিপামৰ দুই শিল্পী দলৰ আহোমৰ পৰম্পৰাগত লাইলুং খাম নৃত্য পৰিবেশনেৰে নৱনিৰ্মিত চ‍্যাও- চেং-ৰেণৰ প্ৰাংগণ জীপাল কৰি তোলে ।

অনুষ্ঠানত সমল ব‍্যক্তিৰূপে উপস্থিত থাকে টাই আহোম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা হৰেন ফুকন, প্ৰশান্ত গগৈ, যুটীয়া সম্পাদক দ্বীপজ্যোতি দুৱৰা, সাংস্কৃতিক সম্পাদক হেমন্ত গগৈ, প্ৰচাৰ সম্পাদক মানসপ্ৰতিম গগৈ, ডিব্ৰুগড় জিলাৰ সভাপতি ৰাণা ৰঞ্জন গগৈ প্ৰমুখ্যে নাহৰকটীয়া, মৰাণ আৰু মাৰ্ঘেৰিটা মহকুমাৰ বিষয়ববীয়া উপস্থিত থকাৰ লগতে টিপাম চ্যুকাফা পৰ্যটন প্ৰকল্পৰ প্ৰদীপ কোঁৱৰ, কান্তেশ্বৰ গগৈ, পদ্ম নেওগ, ৰঞ্জিত গগৈ নাহৰকটীয়াৰ প্ৰাক্তন বিধায়ক কুসুম্বৰ টাইৰাই, পূৰ্বাঞ্চল কাৰিকৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হেম গগৈ, চিচিয়া বকুলনী এম ভি স্কুলৰ প্ৰাক্তন শিক্ষক বিষেশ্বৰ গগৈ, পুৰ্বাঞ্চল টাই সাহিত্য সভাৰ ডিব্ৰুগড় জিলাৰ প্ৰাক্তন সভাপতি নেত্ৰ বুঢ়াগোহাঁই, পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ দুলীয়াজান আঞ্চলিক সমিতিৰ সভাপতি হীৰা গগৈ, সম্পাদক প্ৰদীপ গগৈ, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক অনিল গগৈ, অঃজাঃযুঃছাঃ পৰিষদৰ দুলীয়াজান আঞ্চলিকৰ সম্পাদক পল্লব গগৈ, টাই পণ্ডিত টুপীধৰ চাংমাই, জিতেন চেতিয়া । এই অনুষ্ঠানত অতিথি সকলৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা পৰ্যটকসকলেও অংশগ্ৰহণ কৰি আপ্লুত হয় ৷

উল্লেখযোগ্য যে অসমৰ পৰ্যটন ক্ষেত্ৰৰ সৈতে নৱতম সংযোজন টিপাম এতিয়া সকলোৰে আকৰ্ষণৰ কেন্দ্ৰস্হলী হোৱাৰে পৰাই দৈনিক হাজাৰ হাজাৰ পৰ্যটকে স্থানীয় লোকলৈ কঢ়িয়াই আনিছে স্বাৱলম্বনৰ আন এক ইতিবাচক বতৰা ৷ আনহাতে পাহৰণিৰ গৰ্ভত বিলিন হ’ব ধৰা আহোম পৌৰাণিক ৰীতি-নীতি পুনৰ ঠন ধৰি উঠিব বুলি আশাবাদী আহোম সংগঠনটোৰ লগতে বিশিষ্ট ব‍্যক্তিসকল । ইফালে কালি চাও চেং ৰেণ প্ৰতিষ্ঠা হোৱাৰ পিচতে আজি কেন্দ্ৰীয় খাদ‍্য আৰু সংশাধনৰ ৰাজ‍্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী নৱনিৰ্মীত চাও চেং ৰেণত উপস্থিত হৈ চ্যাওলুং চ্যুকাফাৰ আশীৰ্বাদ লৈ টিপামৰ পৰ্যটন ক্ষেত্ৰৰ উন্নতিৰ বাবে লোৱা পদক্ষেপ সমূহৰ বিষয়ে ৰাইজক অৱগত কৰে ৷

You might also like