গীতে–মাতে অনুষ্টুপীয়াকৈ সুধাকণ্ঠক ওপজা দিনত ৰাজ্যজুৰি স্মৰণ
যতীন গোস্বামীক সমন্বয় বঁটা, ললিতা লাজমীক হিতৈষী বঁটা
নিয়মীয়া বাৰ্তা ৯ ছেপ্টেম্বৰঃ ওপজা দিনত মঙলবাৰে গীতে–মাতে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক সশ্রদ্ধ স্মৰণ কৰিলে ৰাজ্যবাসীয়ে৷ অসমীয়াৰ প্রাণৰ শিল্পী, হিয়াৰ আমঠু ড০ হাজৰিকা কায়িকভাৱে অসমবাসীৰ মাজত নাথাকিলেও তেওঁ যে হূদয়ত জীয়াই আছে, সেয়া পুনৰ প্রতিপন্ন কৰি সুধাকণ্ঠৰ গীতেৰে মুখৰ হৈ পৰিল ৰাজ্যৰ আকাশ–বতাহ৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে বিস্তাৰিত কার্যসূচীৰে অনুষ্ঠান আয়োজন কৰিব নোৱাৰিলেও স্বাস্থ্য বিধি অনুসৰণ কৰি ৰাজ্যৰ প্রান্তে প্রান্তে অনুষ্ঠিত হ’ল সুধাকণ্ঠৰ ৯৪সংখ্যক ওপজা দিনৰ কার্যসূচী৷ অনুষ্টুপীয়াকৈ আয়োজন কৰা ভিন্ন কার্যসূচীৰ মাজেৰে সুধাকণ্ঠক স্মৰণ কৰা হ’ল৷ জালুকবাৰীৰ সমাধিক্ষেত্রত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আয়োজন কৰা হয় সুধাকণ্ঠৰ জন্মদিনৰ কার্যসূচী৷ এই উপলক্ষে ৰাজ্যৰ সাংস্কৃতিক পৰিক্রমা বিভাগৰ মন্ত্রী নৱ কুমাৰ দলেই সমাধিক্ষেত্রত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ ইয়াৰ পিছতে সমাধিক্ষেত্রত অনুষ্ঠিত এক অনুষ্ঠানত ভাষণ প্রদান কৰি মন্ত্রী দলেই কয় যে সুধাকণ্ঠই আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেওঁৰ ওচৰত অসমীয়া জাতি চিৰঋণী হৈ থাকিব৷ অনুষ্ঠানত অংশগ্রহণ কৰি মুখ্যমন্ত্রীৰ প্রেছ উপদেষ্টা হূষীকেশ গোস্বামীয়ে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ মহানতা, উদাৰতা আৰু বিশালতাৰ লগতে সৰু বিষয়বস্তু এটাকো কিদৰে গীতৰ মাজেৰে প্রকাশ কৰিছিল, সেয়া বর্ণনা কৰে৷ অনুষ্ঠানৰ আৰম্ভণিতে ভূপেন্দ্র সংগীত পৰিৱেশন কৰে শিল্পী বিদ্যাসাগৰে৷ অনুষ্ঠানত সুধাকণ্ঠৰ ভগ্ণী সুদক্ষিণা শর্মা আৰু তেওঁৰ পুত্র ঋষিৰাজ শর্মাই গীত পৰিৱেশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে৷ ইপিনে, বিশ্বৰত্ন ড০ ভূপেন হাজৰিকা শাখা সাহিত্য সভা আৰু বিশ্বৰত্ন ড০ ভূপেন হাজৰিকা সমন্বয় সূত্রৰ যৌথ উদ্যোগত মন্থন শীর্ষক এক কার্যসূচী অনুষ্ঠিত হয়৷ অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম ছাত্র পৰিষদৰ কর্মকর্তাসকলেও সমাধিক্ষেত্রত বন্তি প্রজ্বলনেৰে সুধাকণ্ঠলৈ শ্রদ্ধা জ্ঞাপন কৰে৷ ইপিনে, ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে আজি যশস্বী নৃত্যশিল্পী পদ্মশ্রী যতীন গোস্বামীক ভূপেন হাজৰিকা সমন্বয় বঁটা প্রদান কৰে৷ ক’ভিড–১৯ৰ বাবে আনুষ্ঠানিক কার্যসূচী অনুষ্ঠিত কৰাৰ পৰিৱর্তে গোস্বামীৰ ঘৰলৈ গৈ ন্যাসে এই বঁটা প্রদান কৰে৷ আনহাতে, মুম্বাইস্থিত বাসগৃহত কল্পনা লাজমীৰ মাতৃ তথা চিত্রশিল্পী ললিতা লাজমীক ভূপেন হাজৰিকা হিতৈষী বঁটা প্রদান কৰে ন্যাসৰ সদস্যই৷ সন্ধিয়া নিজৰাপাৰস্থিত সুধাকণ্ঠৰ বাসগৃহত ৯৪ বন্তি প্রজ্বলন কৰে সাংস্কৃতিক ন্যাসে৷ ইপিনে, আজি দীঘলীপুখুৰীপাৰত থকা সুধাকণ্ঠৰ প্রতিমূর্তিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে সদৌ অসম ছাত্র সন্থাই৷ এই শ্রদ্ধাঞ্জলি অনুষ্ঠান বন্তি প্রজ্বলনেৰে আৰম্ভ কৰে সদৌ অসম ছাত্র সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে৷ অনুষ্ঠানটোত আছুৰ কেন্দ্রীয় সমিতিৰ উপ–সভাপতি বিপুল ৰাভা, সহকাৰী সম্পাদক প্রকাশ দাস, তথ্য আৰু কার্যালয় সম্পাদক ধর্মেশ্বৰ দাস প্রমুখ্যে বিষয়ববীয়াসকল উপস্থিত থাকে৷ আছুৰ নেতৃবৃন্দই সমাধিক্ষেত্রতো বৰেণ্য শিল্পীগৰাকীলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ ইপিনে, আছুৰ সভাপতিজনে ড০ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্র সাংস্কৃতিক সমলস্থলী হিচাপে গঢ়ি তুলিবলৈ চৰকাৰক দাবী উত্থাপন কৰে৷ উল্লেখ্য যে প্রতিবছৰে দীঘলীপুখুৰীৰ পাৰত সুধাকণ্ঠৰ জন্মদিনৰ লগত সংগতি ৰাখি উদ্দীপনা শীর্ষক কার্যসূচী অনুষ্ঠিত কৰি আহিছে আছুৱে৷ কিন্তু এইবেলি ক’ভিড–১৯ৰ বাবে এই অনুষ্ঠান আয়োজন কৰাৰ পৰা তেওঁলোক বিৰত থাকে৷ ইয়াৰ পৰিৱর্তে সন্ধিয়াৰ ভাগত ৯৪ গছি বন্তি প্রজ্বলন কৰে আছুৱে৷
ইপিনে, খানাপাৰাত উৰণীয়া সেতুৰ বেৰত সুধাকণ্ঠৰ প্রতিচ্ছবি অংকন কৰি সকলোৰে প্রশংসা বুটলিবলৈ সক্ষম হৈছে যুৱ শিল্পী নীলিম মহন্তই৷ ‘উই আৰ দ্য ছেম ব’ট ব্রাদাৰ’ শীর্ষক এই ছবিখন ওৰেনিশা অংকন কৰি তেওঁ সমাপ্ত কৰে৷ ইফালে, যোৰহাটত সুধাকণ্ঠক সশ্রদ্ধ স্মৰণ কৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ শ্রীশ্রীউত্তৰ কমলাবাৰী সত্রৰ ভৱন উদ্বোধন কৰি দিয়া ভাষণত মুখ্যমন্ত্রীয়ে কয় যে সুধাকণ্ঠৰ ওপজা দিনত এই ভৱনটো উদ্বোধন কৰিবলৈ পাই তেওঁ অতিকৈ আনন্দিত৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অসমীয়াতে টুইট কৰি বিশ্ববিশ্রুত শিল্পীগৰাকীলৈ ওপজা দিনৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ টুইটযোগে অমিত শ্বাহে কয়– ‘বিশ্ববিশ্রুত শিল্পী, ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাদেৱলৈ জন্ম দিৱসত গভীৰ শ্রদ্ধাঞ্জলি জনালোঁ৷ বহুমুখী প্রতিভাধৰ আৰু অনন্য সংগীতজ্ঞ ভূপেনদাই তেওঁৰ হূদয়স্পর্শী গীতৰ মাজেৰে মানৱ সমাজক উদ্বুদ্ধ কৰাৰ লগতে সমন্বয় আৰু বিশ্ব ভাতৃত্ববোধৰ মহান ভাবধাৰাক সুদৃঢ় কৰি থৈ গৈছে৷’ উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে দেশ–বিদেশতো সুধাকণ্ঠক স্মৰণ কৰা হয়৷ কলকাতাত অনুষ্টুপীয়াভাৱে অসমীয়া সাংস্কৃতিক সংস্থাৰ উদ্যোগত পালন কৰা হয় সুধাকণ্ঠৰ ওপজা দিন৷ ওপজা দিনৰ লগত সংগতি ৰাখি যোৱা ৩০ আগষ্টত সংস্থাই কলকাতাত ড০ ভূপেন হাজৰিকা শীর্ষক এখন অনলাইন প্রাইজমানী কুইজ প্রতিযোগিতা অনুষ্ঠিত কৰে৷ দেশ–বিদেশৰ শতাধিক প্রতিযোগীয়ে অংশগ্রহণ কৰা প্রতিযোগিতাখন পৰিচালনা কৰে শুভম গোস্বামী, নৱজ্যোতি বৰা আৰু নয়নজ্যোতি বৰাই৷ যোৱা ৬ ছেপ্ঢেম্বৰত সংস্থাই ভূপেন্দ্র সংগীত কর্মশালা আয়োজন কৰে৷ মঙলবাৰে পুৱা অসম ভৱন প্রাংগণত থকা ড০ হাজৰিকাৰ প্রতিমূর্তিত বন্তি প্রজ্বলন কৰে কলকাতাস্থিত অসম ভৱনৰ সঞ্চালক অসীম ভট্টাচার্যই৷ আনহাতে, সমাজিক–সাংস্কৃতিক অনুষ্ঠান ব্যতিক্রম মাছডোৰ উদ্যোগত আয়োজন কৰা হয় সুধাকণ্ঠৰ ওপজা দিনৰ কার্যসূচী৷ এই অনুষ্ঠানতে ড০ ভূপেন হাজৰিকা ব্যতিক্রম সমন্বয় বঁটা প্রদান কৰা হয় বিশিষ্ট লেখিকা তথা গুৱাহাটী দূৰদর্শনৰ জ্যেষ্ঠ অনুষ্ঠান কার্যবাহী ড০ অজন্তা দাসক৷ অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ড০ শ্বাহ মহম্মদ তনভিৰ মনছুৰ৷