উৱেফা নেচনছ লীগ ফুটবল: নেদাৰলেণ্ডছৰ বিপক্ষে কষ্টকৰ জয়লাভ ইটালীৰ
নিয়মীয়া বাৰ্তা ৯ ছেপ্টেম্বৰঃ উৱেফা নেচন্ছ লীগ ফুটবল প্রতিযোগিতাত জয়ৰ ধাৰালৈ উভতিছে ইটালী৷ ক’ৰোনাৰ আতংকৰ মাজতে খালী ষ্টেডিয়ামত পূর্ণগতিত চলি থকা প্রতিযোগিতাখনৰ সোমবাৰে নিশা আমষ্টাৰডামৰ আমষ্টাৰডাম এৰেনাত অনুষ্ঠিত গ্রুপ এৰ তীব্র উত্তেজনাপূর্ণ মেচখনত ইটালীয়ে ঘৰুৱা দল নেদাৰলেণ্ডছক ১–০ গ’লত পৰাস্ত কৰি সম্পূর্ণ পইণ্ট অর্জন কৰিবলৈ সক্ষম হয় আৰু এই জয়েৰে ইটালীয়ে গ্রুপ এৰ পইণ্ট তালিকাৰ শীর্ষস্থানত উপনীত হৈছে৷
ইটালীয়ে এতিয়ালৈকে দুখন মেচ খেলি মুঠ চাৰি পইণ্ট অর্জন কৰি শীর্ষস্থানত উপবিষ্ট হৈছে৷ প্রথমৰ পৰাই আক্রমণ–প্রত্যাক্রম ভৰা খেলখনৰ প্রথমার্ধৰ ইনজুৰি সময়ত ইটালীয়ে বৃহৎ সফলতাটোৰ মুখ দেখে৷ ইনজুৰি সময়ৰ প্রথমটো মিনিটত নিক’ল’ বাৰেলাই দর্শনীয় হেডেৰে গ’ল স্ক’ৰ কৰি ইটালীক অগ্রগতি প্রদান কৰে৷ পৰৱর্তী সময়ত নেদাৰলেণ্ডছে গ’লটো পৰিশোধ কৰাৰ বাবে আপ্রাণ চেষ্টা চলাইছিল যদিও শেষ মুহূর্তলৈকে সফলতাৰ মুখ নেদেখিলে৷ উল্লেখ্য যে ইটালীয়ে প্রথমখন মেচত বছনিয়াৰ বিপক্ষে ১–১ গ’লত ড্র খেলি পইণ্ট ভগাই লৈছিল৷
ইফালে, প্রতিযোগিতাখনত স্কটলেণ্ড আৰু পোলেণ্ডেও সম্পূর্ণ পইণ্ট অর্জন কৰিবলৈ সক্ষম হয়৷ সোমবাৰে নিশা অনুষ্ঠিত গ্রুপ এফৰ এখন উত্তেজনাপূর্ণ মেচত স্কটলেণ্ডে চেক গণৰাজ্যক ২–১ গ’লত পৰাস্ত কৰে৷ খেলৰ ১১ মিনিটত চেক গণৰাজ্যই অগ্রগতি লয় যদিও ২৭ মিনিটত স্কটলেণ্ডে গ’লটো পৰিশোধ কৰি সমতা স্থাপন কৰে৷ ইপিনে, ৫২ মিনিটত ৰিয়ান ক্রিষ্টিয়ে দর্শনীয় গ’ল স্ক’ৰ কৰি স্কটলেণ্ডক ২–১ গ’লত অগ্রগতি প্রদান কৰাই নহয়, জয়ৰো সোৱাদ দিয়ে৷ এই জয়েৰে স্কটলেণ্ডে দুখন মেচৰ পৰা ৪ পইণ্ট সংগ্রহ কৰি গ্রুপ বিৰ পইণ্ট তালিকাৰ শীর্ষস্থানত আছে৷ আনহাতে, গ্রুপ এৰ এখন মেচত পোলেণ্ডে বছনিয়াক ২–১ গ’লত হৰুৱাই সম্পূর্ণ পইণ্ট অর্জন কৰাৰ লগতে গ্রুপ এফৰ এখন মেচত শ্ল’ভাকিয়াই ইজৰাইলৰ বিপক্ষে ১–১ গ’লত ড্র খেলি পইণ্ট ভগাই লয়৷