পাটিয়ালাৰ ৰাষ্ট্রীয় শিবিৰত হিমা দাসক নিকৃষ্টমানৰ খাদ্য: অনুসন্ধান কমিটী গঠন
নিয়মীয়া বাৰ্তা ৯ ছেপ্টেম্বৰঃ টকি’ অলিম্পিকলৈ যোগ্যতা অর্জনৰ লক্ষ্যৰে পাটিয়ালাৰ নেতাজী সুভাষ ৰাষ্ট্রীয় ক্রীড়া প্রতিষ্ঠানত অনুশীলন চলাই থকা হিমা দাসৰ এক বিস্ফোৰক অভিযোগে দেশৰ ক্রীড়া মহলত খলকনি তুলিছে৷ দেশৰ আগশাৰীৰ ক্রীড়াবিদসকলৰ অনুশীলনৰ শ্রেষ্ঠ স্থান হিচাপে পৰিচিত নেতাজী সুভাষ ৰাষ্ট্রীয় ক্রীড়া প্রতিষ্ঠানত খেলুৱৈসকলক নিকৃষ্টমানৰ খাদ্য আগবঢ়োৱা বুলি অসম কন্যা হিমা দাসকে ধৰি কেইবাগৰাকীও এথলীটে অভিযোগ তুলিছিল৷ আগষ্টৰ মাজভাগত খেলুৱৈসকলক অতি লেতেৰা পৰিৱেশত খাদ্য আগবঢ়োৱা হৈছিল বুলি অভিযোগ উত্থাপন কৰি তাৰকা এথলীট হিমা দাসে দেশৰ ক্রীড়ামন্ত্রী কিৰেন ৰিজিজুক অৱগত কৰিছিল৷ খেলুৱৈসকলক আগবঢ়োৱা খাদ্যৰ সৈতে মানুহৰ নখ আৰু চুলি পোৱা বুলিও হিমাই ক্রীড়ামন্ত্রীগৰাকীক জানিবলৈ দিছিল৷ হিমাই আনকি এই নিকৃষ্টমানৰ খাদ্যৰ ফটো তুলি ক্রীড়ামন্ত্রীগৰাকীলৈ প্রেৰণ কৰিছিল৷ ইয়াৰ পিছতে কেন্দ্রীয় ক্রীড়ামন্ত্রী ৰিজিজুৱে ভাৰতীয় ক্রীড়া প্রাধিকৰণক ঘটনাৰ অনুসন্ধান কৰিবলৈ নির্দেশ দিয়ে৷ শেহতীয়াকৈ ক্রীড়ামন্ত্রীৰ অধ্যক্ষতাত ছাইৰ সঞ্চালকপ্রধান সন্দীপ প্রধান, সচিব ৰোহিত ভৰদ্বাজ আৰু আন জ্যেষ্ঠ বিষয়ববীয়াসকলে নেতাজী সুভাষ ৰাষ্ট্রীয় ক্রীড়া প্রতিষ্ঠানৰ স্বচ্ছতা আৰু খাদ্য পৰিৱেশন পদ্ধতিৰ বুজ লয়৷