নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাজানত বাগানৰ মাটিত অবৈধভাৱে ঘৰ সজাক লৈ তীব্ৰ উত্তেজনাঃ একাংশ এজেণ্টৰ নেতৃত্বত অবৈধভাৱে নিৰ্মাণ কাৰ্য চলোৱাৰ অভিযোগ

নিয়মীয়া বাৰ্তা ৯ ছেপ্টেম্বৰঃ অসম-নগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৰ বোকাজান মহকুমাৰ অন্তৰ্গত লাহৰিজান নিৰ্মল কুমাৰ চাহ বাগানত একাংশ দুস্কৃতিকাৰীয়ে বিভিন্ন সময়ত বাগিচাখনৰ চাহ গছ কাটি বেদখল কৰাৰ বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰি অহাৰ সময়তে পুনৰ মঙলবাৰে পুৱা অবৈধ ভূমি দখলক কেন্দ্ৰ কৰি বাগানখনত এক তীব্র উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়।
ঘটনাৰ বিৱৰণী অনুসৰি ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা থকা লাহৰিজান নিৰ্মল কুমাৰ চাহ বাগানখনৰ মাজত এটা দুস্কৃতিকাৰীৰ দলে বাগিচাত থকা চাহ গছসমূহ কাটি মুকলি কৰি অবৈধভাৱে ভূমি দখল কৰি নিৰ্মাণ কৰিছিল বহু ঘৰ। যাক লৈ ক্ষুদ্ধ হৈ পৰে চাহ বাগানৰ লোকসকল। ইয়াৰ পিছতে কালি পুৱা হাতত দা আৰু লাঠী লৈ বাগানখনৰ লোকসকলে নিজেই উচ্ছেদ কৰে অবৈধ ঘৰসমূহ। পৰৱৰ্তী সময়ত পৰিস্থিতি জটিল হৈ পৰাত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসে খটখটি আৰক্ষীৰ সহযোগত ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
আনহাতে চেলিমউদ্দীন চৌধুৰী ওৰফে লাল নামৰ এটা দালালে লাহৰিজান বাগানৰ মাটি অবৈধভাৱে দখল কৰি সন্দেহযুক্ত নাগৰিকক ঘৰ নিৰ্মাণ কৰিবলৈ দিয়াৰ লগতে উক্ত ঘৰসমূহত বহু অনৈতিক কাৰ্যকলাপ চলাৰো অভিযোগ তুলিছে স্থানীয় ৰাইজে।
উল্লেখ্য যে লাহৰিজান নিৰ্মল চাহ বাগানৰ চাহ গছ কাটি নিশাৰ ভিতৰতে ঘৰ সাজি লৈ থাকিবলৈ লোৱা এইসকল সন্দেহজনক লোকক কাৰ নেতৃত্বত কোনে ক’ৰপৰা আনি বহুৱাইছে তাৰ প্ৰকৃত তথ্য কাৰো ওচৰত নাই যদিও লাহৰিজান আৰু বোকাজানৰ বহু কেইজন দালালৰূপী ব্যৱসায়ীলৈ সন্দেহৰ আঙুলি যায় বুলি বিভিন্ন মহলত চৰ্চা হোৱা পৰিলক্ষিত হয়। ঠেলা, চাইকেলত তৰ্জা বেৰ, বাঁহ, টিনপাত আদি আনি অচিনাকী মুখৰ মানুহে সীমান্ত অঞ্চলৰ এই লাহৰিজান চাহ বাগানত নতুন নতুন জুপুৰী ঘৰ সাজি স্থায়ীভাৱে থাকিবলৈ লৈছে যদিও বৰ্তমানলৈকে এইক্ষেত্ৰত কোনেও বিহিত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। কেইমাহমানৰ পূৰ্বে খটখটি আৰক্ষী থানাৰ পৰা যোৱা আৰক্ষী জোৱানৰ এটা দলে সেই সময়ত বাগানৰ মাটিত অবৈধভাৱে ঘৰ সজা লোকসকলক এই বেদখল বন্ধ কৰাৰ নিৰ্দেশ দিছিল যদিও আৰক্ষী গুচি অহাৰ পিছত পুনৰ একে গতিত নিতৌ নতুন নতুন জুপুৰী ঘৰৰ সংখ্যা বৃদ্ধি পাই গৈছে।
অভিযোগ অনুসৰি এইসকলৰ সৰহ সংখ্যকেই শিলচৰৰ পৰা অহা বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে যদিও চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ ডিমাপুৰ আৰু কাৰ্বি আংলংৰ লাহৰিজান, খটখটি আদি অঞ্চলত স্থাপন হোৱা বিভিন্ন কল-কাৰখানা, ইতাভাতী আদিবোৰত শ্ৰমিক হিচাপে স্বত্ত্বাধিকাৰীসকলে নিয়োগ কৰিছে এনে বহু সন্দেজনক লোকক। যাৰ ফলত এজনৰ পিছত আন এজন সন্দেহজনক লোকে এনেবোৰ কৰ্মত নিয়োজিত হৈ গোজেই গঁজালি স্বৰূপ হৈ পৰিছে। আনকি আন্তঃৰাজ্যিক সীমামূৰীয়া অঞ্চলটোত এনে সন্দেহজনক লোকৰ একাংশই বহুতো অবৈধ কাৰ্যত লিপ্ত থকাৰো বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ আহিছে। উল্লেখ্য যে চেলিমউদ্দীন চৌধুৰী ওৰফে লাল নামৰ ব্যক্তিৰ দৰে আন দুই-এক এজেণ্টৰ সহযোগতো এনেদৰে বহু সন্দেহজনক লোকে এলেকাটোত প্ৰবেশ কৰি বসবাস কৰিবলৈ সুবিধা লাভ কৰি আহিছে। এনেবোৰ দুস্কৃতিকাৰীয়ে কেৱল মাত্ৰ কমিছনৰ অংকতেই সমগ্ৰ অঞ্চলটোৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰা সন্দেহজনক নাগৰিকক বহুৱাই ৰক্ষণাবেক্ষণ দি আহিছে। সীমামূৰীয়া অঞ্চলটোত এইসকল সন্দেহজনক লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাই অহালৈ লক্ষ্য কৰিলে এনে বহু সন্দেহজনক লোকে অদুৰ ভবিষ্যতে জিলাখনলৈ ভয়ংকৰ বিপদৰ ইংগিত কঢ়িয়াই যে আনিব সেয়া নিশ্চিত।
উল্লেখ্য যে লাহৰিজান নিৰ্মল চাহ বাগানৰ মাটিত বিভিন্ন সময়ত ঘৰ সাজি বসবাস কৰা এইসকল সন্দেহজনক লোকক মহকুমা প্ৰশাসন, জিলা প্ৰশাসন, বিভাগীয় কৰ্তৃপক্ষ তথা তুলিৰাম ৰংহাং নেতৃত্বাধীন কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদে উচ্ছেদৰ বাবে কোনো ব্যৱস্থা তথা পদক্ষেপ গ্ৰহণ নকৰাৰ বাবেই কাৰ্বি আংলংৰ ভূমিত এনে সন্দেহজনক লোকে গোজেই গঁজালি হৈ পৰিছে। পাহাৰীয়া জিলাখনৰ সুৰক্ষিত ভবিষ্যতৰ স্বাৰ্থত এতিয়া চৰকাৰে এইসকল সন্দেহজনক লোকক উচ্ছেদ কৰিব নে ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব সেয়া সময়েহে নিৰ্দ্ধাৰণ কৰিব বুলি সচেতন মহলে মত পোষণ কৰিছে।
You might also like