আৰণ্যকৰ ৩১ তম প্রতিষ্ঠা দিবস উদযাপন
নিয়মীয়া বাৰ্তা ৯ ছেপ্টেম্বৰঃ উত্তৰ-পূব ভাৰতৰ চহকী জীৱ বৈচিত্ৰ সংৰক্ষণক মূল লক্ষ্য হিচাপে লৈ ইং ১৯৮৯ চনতে স্থাপন হোৱা বেচৰকাৰী সংগঠন আৰণ্যকে আজি সফলতাৰে ৩১ টা বছৰ অতিক্ৰম কৰে। “আৰণ্যক প্ৰকৃতি সংস্থা” ৰূপে আৰম্ভ হোৱা এই অনুষ্ঠানটোৱে পিছলৈ ভাৰতবৰ্ষৰ এক “বৈজ্ঞানিক আৰু ঔদ্যোগিক গবেষণা সংস্থা” ৰূপে স্বীকৃতি লাভ কৰে।
বৰ্তমান সময়ত চলি থকা COVID-19 মহামাৰীৰ সত্ত্বেও এই বছৰটো আৰণ্যকৰ বাবে ফলপ্ৰসূ হৈ উঠিছে। যদিও আৰণ্যকৰ বহুখিনি ক্রিয়াকলাপ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্থগিত কৰা হৈছে , তথাপি ডিজিটাল প্ল্যাটফর্ম ব্যবহাৰ কৰি বিভিন্ন কামকাজ সমুহ সুচাৰূপে পৰিচালিত কৰা হৈছে।
এই মহামাৰীৰ দ্বাৰা সৃষ্ট সমস্ত সমস্যাৰ মাজতেই আৰণ্যকে নিজৰ প্ৰকৃতি সংৰক্ষণৰ লক্ষ্য অটুট
COVID-19 মহামাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই বছৰ আৰণ্যকৰ ৩১তম প্রতিষ্ঠা দিবস সংক্ষিপ্তভাৱে পালন কৰা হয় যি আৰন্যকৰ অফিসিয়েল ফেসবুক পৃষ্ঠাৰ পৰা অনলাইন যোগে প্রচাৰ কৰা হয়। এই অনুষ্ঠানৰ আৰম্ভণি হয় আৰণ্যকৰ পতাকা উত্তোলন কাৰ্যসূচীৰ দ্বাৰা আৰু ইয়াৰ পিছতে সভাপতি আৰু প্ৰধান সচিবে বক্তব্য প্ৰদান কৰে।
সংৰক্ষণৰ ক্ষেত্ৰ খনত আগবঢ়োৱা বিভিন্ন অৱদান সমুহৰ স্বীকৃতি স্বৰূপে আৰণ্যকে ইতিমধ্যে কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। ২০১২ চনত আৰণ্যকক ভাৰত চৰকাৰৰ পৰিবেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়ে “পার্যাবৰণ পুৰষ্কাৰ” ৰে ভূষিত কৰে। ২০১৭ চনত “State Awards for Scientific Excellence, 2017” ৰ আধিনত “Best Scientific Institution in Assam” পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰি আৰণ্যক আন্তর্জাতিক প্রকৃতি সংৰক্ষণ সংস্থা (IUCN) ৰ সাংগঠনিক সদস্য হোৱাৰ লগতে ভাৰত চৰকাৰৰ Department of Scientific and Industrial Research, Ministry of Science and Technology ৰ দ্বাৰা Scientific and Industrial Research Organisation (SIRO) হিচাপে স্বীকৃত।