নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড’নাল্ড ট্ৰাম্পক শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত

নিয়মীয়া বাৰ্তা, ৯ ছেপ্টেম্বৰঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নাম শান্তিৰ নোবেল বঁটাৰ বাবে বাছনি কৰা হৈছে। ইজৰাইল আৰু সংযুক্ত আৰব ৰাষ্ট্ৰৰ মাজত ঐতিহাসিক শান্তি বাৰ্তাৰ সূচনা কৰাত ৰাষ্ট্ৰপতিগৰাকীয়ে পালন কৰা দায়িত্বৰ বাবে তেওঁৰ নাম শান্তিৰ নোবেল বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে।

আমেৰিকাৰ প্ৰচাৰ মাধ্যমৰ পৰা পোৱা তথ্য মতে, নৰৱেৰ সংসদৰ পৰা ট্ৰাম্পৰ নাম শান্তিৰ নোবেল বঁটাৰ বাবে বাছনি কৰা হৈছে। নৰৱেৰ সাংসদ খ্ৰীষ্টিয়ান টাইব্ৰিঙে মধ্যপ্ৰাচ্যত শান্তি সূচনাৰ প্ৰসংগত ট্ৰাম্পে আগবঢ়োৱা সহযোগিতা শান্তিৰ নোবেল বঁটাৰ বাবে যথেষ্ট বুলি উল্লেখ কৰি নোবেল কমিটীলৈ ৰাষ্ট্ৰপতিগৰাকীৰ নাম পঠিয়াই দিয়ে।

উল্লেখ্য ইতিমধ্যে ৩১৮গৰাকী প্ৰাৰ্থীৰ নাম শান্তিৰ নোবেল বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে। এতিয়া শেষলৈ কাৰ নাম নোবেল কমিটীয়ে নিৰ্বাচন কৰে, সেয়া সময়ত জনা যাব।

You might also like