নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শূন্য ৰানত ৬ উইকেটঃ ‘ছাগ’ত চাঞ্চল্য নেপালৰ বলাৰৰ

 নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ  ছাউথ এছিয়ান গেমছত নতুনকৈ অন্তর্ভুক্ত হোৱা টি–২০ ক্রিকেটৰ এক আজৱ পৰিসংখ্যাই আজি বিশ্বৰ ক্রিকেটপ্রেমীক চমকিত কৰে৷ মালদ্বীপৰ বিৰুদ্ধে খেলা এখন মেচত ঘৰুৱা দল নেপালৰ এগৰাকী বলাৰে কোনো ৰান ব্যয় নকৰাকৈ ৬টাকৈ উইকেট দখল কৰি মহিলা টি–২০ ক্রিকেটত বিশ্ব অভিলেখ স্থাপন কৰে৷ অঞ্জলি চান্দ নামৰ বেগী বলাৰগৰাকীয়ে মাত্র ২.১ অ’ভাৰ বল কৰি ৬টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয়৷ এই চাঞ্চল্যকৰ বলিঙেৰে অঞ্জলিয়ে মহিলা টি–২০ ক্রিকেটৰ সর্বশ্রেষ্ঠ বলিং প্রদর্শনৰ গৰাকী হয়৷ ইয়াৰ পূর্বে মালদ্বীপৰ মাচ এলিছা নামৰ বলাৰগৰাকীয়ে চীনৰ বিৰুদ্ধে এখন মেচত তিনি ৰানৰ বিনিময়ত ৬টা উইকেট দখল কৰিছিল৷ উল্লেখ্য যে পুৰুষৰ টি–২০ত শ্রেষ্ঠ বলিং প্রদর্শনকাৰী হ’ল ভাৰতৰ বেগী বলাৰ দীপক চহৰ৷ তেওঁ যোৱা মাহত সাত ৰানত ৬টা উইকেট দখল কৰিছিল৷ অঞ্জলিৰ এই বিধ্বংসী বলিঙৰ সহায়ত নেপালে মালদ্বীপক আজি মাত্র ১৬ ৰানতে অলআউট কৰিবলৈ সক্ষম হয়৷ প্রত্যুত্তৰত ঘৰুৱা দলটোৱে মাত্র পাঁচটা বল খেলিয়ে জয়ৰ লক্ষ্যত উপনীত হয়৷ মন কৰিবলগীয়া যে ১ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা ছাউথ এছিয়ান গেমছত নেপালে মালদ্বীপ, বাংলাদেশ আৰু শ্রীলংকাৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে৷

You might also like