১৫ ছেপ্টেম্বৰৰ পৰা লঘোনে থাকিব লাগিব ৩১ কাৰাগাৰৰ ৮ সহস্রাধিক কয়দীয়ে
এবছৰে খাদ্য যোগনিয়াৰে পোৱা নাই কোটি কোটি টকাৰ বিল
নিয়মীয়া বাৰ্তা ১১ ছেপ্টেম্বৰঃ ৰাজ্যৰ কাৰাগাৰসমূহত সৃষ্টি হোৱা অৰাজকতাই চৰম ৰূপ লৈছে৷ ৰাজ্য চৰকাৰে শীঘ্রে এই পৰিস্থিতিৰ ওৰ নেপেলালে অহা ১৫ ছেপ্টেম্বৰ পৰা লঘোনে থাকিব কাৰাবন্দী হাজোতীসকলে৷ কিয়নো বিগত প্রায় এবছৰ ধৰি কাৰাগাৰত খাদ্য যোগান ধৰা যোগনিয়াৰসকলে লাভ কৰা নাই প্রাপ্য ধন৷ যাৰ বাবে যোগনিয়াৰসকলে অহা ১৫ ছেপ্টেম্বৰৰ পৰা খাদ্য–সামগ্রীৰ যোগান বন্ধ কৰাৰ সিদ্ধান্ত হৈছে৷ উল্লেখ্য যে অসমৰ বিভিন্ন জিলাত থকা কাৰাগাৰসমূহত বর্তমান ৮ সহস্রাধিক কয়দী আৰু হাজোতী কাৰাবন্দী হৈ আছে৷ কাৰাগাৰ মেনুৱেল অনুসৰি কাৰাবন্দীসকলক পুৱা ৰুটি, গুৰ আৰু চাহ, দুপৰীয়া আৰু আবেলিৰ আহাৰত ভাত, দাইল আৰু চব্জী দিয়া হয়৷ ইয়াৰ উপৰি সপ্তাহৰ দুদিন মাছ, মাংস বা কণী দিয়া হয়৷ অসমৰ কাৰাগাৰসমূহত খাদ্যৰ মান অতি নিম্ন বুলি সঘনে অভিযোগ উত্থাপন হৈ আহিছে৷ কিয়নো একোগৰাকী কয়দীৰ খাদ্যৰ নামত অতি কম পৰিমাণৰ ধনহে ব্যয় কৰা হয়৷ চৰকাৰী তথ্য মতেই গুৱাহাটী কেন্দ্রীয় কাৰাগাৰত এজন কয়দীৰ খাদ্যৰ নামত এদিনত মাত্র ৪১ টকাহে ব্যয় কৰা হয়৷ ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে খাদ্যৰ নামত কয়দী–হাজোতীসকলে দৰাচলতে কি খাই আহিছে৷ আনহাতে, কাৰাগাৰসমূহৰ খাদ্য যোগান প্রক্রিয়া নিবিদাৰ জৰিয়তে নির্ধাৰণ কৰা হয়৷ খাদ্য তালিকাক চাৰিটা ভাগত বিভক্ত কৰি নিবিদা আহ্বান কৰে কাৰাগাৰ কর্তৃপক্ষই৷ ‘এ’ গ্রুপত থাকে চাউল, দাইল, তেল আৰু নিমখ, ‘বি’ গ্রুপত থাকে চাহ–চেনি, ‘চি’ গ্রুপত থাকে শাক–পাচলি আৰু ‘ডি’ গ্রুপত থাকে মাছ–মাংস৷ নির্দিষ্ট প্রক্রিয়াৰ মাজেৰে যোগনিয়াৰসকলে নিবিদাত অংশগ্রহণ কৰে৷ পৰৱর্তী পর্যায়ত কম মূল্যৰ নিবিদা দাখিল কৰা যোগনিয়াৰসকলক খাদ্য যোগানৰ দায়িত্ব প্রদান কৰা হয়৷ এইদৰে বিভাগীয় প্রক্রিয়াৰ জৰিয়তে কাৰাগাৰসমূহত শতাধিক যোগনিয়াৰে নিয়মিতভাৱে চাউল, দাইল, শাক–পাচলি, মাছ–মাংস–কণী, তেল–নিমখ আদি যোগান ধৰি আহিছে৷ কিন্তু দুর্ভাগ্যৰ বিষয়টো হ’ল বিগত প্রায় এবছৰ ধৰি কাৰাগাৰৰ খাদ্য যোগনিয়াৰসকলে প্রাপ্য ধন লাভ কৰা নাই৷ বর্তমান একো একোগৰাকী যোগনিয়াৰৰ পাওনাৰ পৰিমাণ ৩০ৰ পৰা ৫০ লাখ টকা পর্যন্ত হৈছে৷ তেওঁলোকে কাৰাগাৰ কর্তৃপক্ষৰ পৰা আৰম্ভ কৰি মহাপৰিদর্শকৰ কার্যালয়লৈ বাৰম্বাৰ তাঁত–বাতি কাঢ়িও কোনো সঁহাৰি লাভ কৰা নাই৷ যাৰ বাবে কাৰাগাৰৰ খাদ্য যোগনিয়াৰসকল বর্তমান তীব্র আর্থিক সংকটৰ সন্মুখীন হৈছে৷ বিভাগীয় সূত্রৰ খবৰ অনুসৰি, কাৰাগাৰৰ খাদ্যৰ নামত অনাদায় হৈ থকা ধনৰ পৰিমাণ আজিৰ তাৰিখত কেইবাকোটি টকা হ’ব৷ চৰকাৰী বিধিৰ কিছু সালসলনি হোৱা বাবেই এই ধনৰাশি সময় মতে মোকলাই দিব পৰা হোৱা নাই৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰে কাৰাগাৰৰ খাদ্য যোগানৰ ধন মুকলি কৰি দিয়াৰ ক্ষেত্রত গৃহ বিভাগৰ অনুমোদন লোৱাটো বাধ্যতামূলক কৰিছে৷ কিন্তু ধন মোকলাই দিয়াৰ যাৱতীয় সকলো প্রক্রিয়া শেষ হোৱাৰ পাছতো একমাত্র গৃহ বিভাগৰ অনুমোদন লাভ নকৰা বাবেই যোগনিয়াৰসকলে এতিয়াও প্রাপ্য ধন লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ উল্লেখ্য যে ৰাজ্যৰ মুঠ ৩১খন কাৰাগাৰত বর্তমান প্রায় ৮,৩০০গৰাকী কয়দী–হাজোতী কাৰাবন্দী হৈ আছে৷ গুৱাহাটী কেন্দ্রীয় কাৰাগাৰতে প্রায় ১,১০০জন কাৰাবন্দী আছে৷ কয়দী–হাজোতীসকলক্ নিয়মীয়াকৈ খাদ্য যোগান ধৰি এতিয়া যোগনিয়াৰসকলেই নিজে লঘোনে থাকিবলগীয়া হৈছে৷ এনে শোচনীয় পৰিস্থিতিত অহা ১৫ ছেপ্ঢেম্বৰৰ পৰা খাদ্য যোগান বন্ধ কৰাৰ সকীয়নি দিছে যোগনিয়াৰসকলে৷ কাৰাগাৰৰ কেইবাগৰাকীও খাদ্য যোগনিয়াৰে আজি এই সিদ্ধান্তৰ কথা সদৰী কৰিছে৷ তেওঁলোকৰ অভিযোগ হ’ল– কাৰাগাৰ বিভাগটো খোদ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ অধীনত আছে যদিও তেওঁ বিগত চাৰে চাৰি বছৰৰ কার্যকালত এদিনো কাৰাগাৰৰ অৱস্থাৰ বুজ লোৱা নাই৷ মুখ্যমন্ত্রীগৰাকীৰ অমনোযোগিতাৰ বাবেই যোগনিয়াৰসকলেও বিগত প্রায় এবছৰ ধৰি নিজৰ প্রাপ্য ধন লাভ কৰা নাই৷ যাৰ বাবে কাৰাগাৰত খাদ্যৰ যোগান বন্ধ কৰাৰ সিদ্ধান্ত লৈছে যোগনিয়াৰকসকলে৷