নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড কালত এছবিআইৰ আজব নির্দেশঃ বয়োজ্যেষ্ঠ ব্যক্তিয়েও বেংকত গৈ জমা দিব লাগিব নথি–পত্র

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ সমগ্র ৰাজ্যত ক’ৰোনা পৰিস্থিতিয়ে ভয়াৱহ ৰূপ লোৱাৰ সময়তে ভাৰতীয় ষ্টেট বেংকৰ টোঘলকী নির্দেশে বিপদত পেলাইছে ৰাজ্যখনৰ বহু জ্যেষ্ঠ নাগৰিকক৷ ভাৰতীয় ষ্টেট বেংকৰ বহু শাখাই তেওঁলোকৰ গ্রাহকসকলক শীঘ্রে নিজৰ পৰিচয়–পত্র আৰু শেহতীয়া পাছপ’ৰ্ট ফটো সংশ্লিষ্ট শাখাসমূহত জমা দিবলৈ নির্দেশ দিছে৷

ইয়াৰ বাবে গ্রাহকসকল সোঁ–শৰীৰে বেংকত উপস্থিত হোৱাটো বাধ্যতামূলক৷ লক্ষণীয়ভাৱে নির্দেশ জাৰি হোৱাৰ ১৫ দিনৰ ভিতৰতে নথি–পত্র আৰু ফটো জমা দিবলৈ কোৱা হৈছে৷ কিন্তু এছ বি আইৰ এই নির্দেশে এতিয়া জ্যেষ্ঠ নাগৰিকসকলক নিশ্চিত বিপদৰ সন্মুখলৈ ঠেলি দিছে৷ কিয়নো ভাৰতীয় ষ্টেট বেংকত লাখ লাখ বয়োজ্যেষ্ঠ নাগৰিকৰ একাউণ্ট আছে, য’ত চৰকাৰী পেঞ্চন, বৃদ্ধ পেঞ্চনৰ পৰা আৰম্ভ কৰি ঘৰৰ পৰা দূৰৈত থকা সন্তানে পঠিওৱা ধনৰ লেনদেন হয়৷

জ্যেষ্ঠ নাগৰিকসকলে বেংকলৈ নোযোৱাকৈ এটিএম অথবা ইণ্টাৰনেট বেংকিঙৰ জৰিয়তে লেনদেন কৰি আহিছিল৷ ক’ভিড পৰিস্থিতিৰ বাবে ৬৫ বছৰ ঊর্ধ্বৰ লোকক বাহিৰত নোলাবলৈ বা জনসমাগম হোৱা ঠাইলৈ নাযাবলৈ চৰকাৰে বাৰম্বাৰ সকীয়াই থকাৰ মাজতে এছবিআই কর্তৃপক্ষই এইসকল লোককো নথি–পত্র লৈ সোঁ–শৰীৰে বেংকত হাজিৰ হোৱাৰ নির্দেশ প্রদান কৰিছে৷

কেৱল জ্যেষ্ঠ নাগৰিকেই নহয়, আন বহুসংখ্যক গ্রাহককো বেংক কর্তৃপক্ষই শীঘ্রে নথি–পত্র দাখিল কৰিবলৈ কৈছে৷ স্বাভাৱিকতে এই সময়ছোৱাত বেংকসমূহত স্বাভাৱিক দিনতকৈ অধিক ভিৰ হ’ব৷ এনে এক পৰিস্থিতিত এছবিআই কর্তৃপক্ষৰ জাননী পাই শংকিত হৈ পৰিছে জ্যেষ্ঠ গ্রাহকসকল৷ তেওঁলোকে বেংক কর্তৃপক্ষক ইয়াৰ বাবে অধিক সময় প্রদানৰ আহ্বান জনাইছে৷

You might also like