নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হেৰোৱা মোবাইলৰ গেলেৰিত ১০০ৰো অধিক বান্দৰৰ ছেল্ফি

নিয়মীয়া বাৰ্তা ১৭ ছেপ্টেম্বৰঃ ফোন চুৰি হোৱাটো একেবাৰেই নতুন কথা নহয়। পিছে চুৰি হৈ যোৱা ফোন পুনৰ পোৱাটোহে ভাগ্যৰ কথা। কিন্তু কেতিয়াবা হেৰোৱা ফোন পুনৰ ঘূৰাই পোৱাৰ পাছত চোৰৰ ফটো দেখিবলৈ পোৱা যায়নে ?

ঘটনা অনুসৰি, মালেছিয়াৰ বাটু পাহাৰৰ জেকৰিডজ ৰোডজি নামৰ এজন ছাত্ৰৰ শুকুৰবাৰে নিশা নিজৰ ফোনটো হেৰায়। পাছত সকলো ফালে চায়ো বিচাৰি নাপাই ভাগি পৰে ৰোডজি। অৱশেষত বহুবাৰ চেষ্টা কৰি নোপোৱা ফোনটো দেওবাৰে হঠাৎ বাজি উঠে ৰোডজিৰ গৃহৰ পাছফালে বাৰিত।

কিন্তু আচৰিত যে হেৰাই যোৱা ফোনটোৰ গেলেৰি ভৰ্তি হৈ আছিল ‘চোৰ’ৰ ফটোৰে। ফোনটোত থকা ছবি আৰু ভিডিঅ’ চাই অনুমান কৰিব পাৰি যে বান্দৰে ফোনটো খোৱাৰ চেষ্টা কৰিছিল।

ইপিনে ফোনটোত কি কি ছবি আছে তাৰ এটি ভিডিঅ’ ছ’চিয়েল মিডিয়াত এৰিছে গৰাকীয়ে। ইয়াৰ পাছতে এই ঘটনা ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।

You might also like