উজান বজাৰৰ বেলভ্যু হোটেলত উচ্ছেদ
নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ উজান বজাৰৰ বেলভ্যু হোটেল কর্তৃপক্ষই বেদখল কৰা চৰকাৰী ভূমিত জিলা প্রশাসনে উচ্ছেদ অভিযান চলায়৷ ৰাজভৱনৰ নামত থকা চৰকাৰী ভূমি বেদখল কৰি বেলভ্যু হোটেল কর্তৃপক্ষই অবৈধভাৱে গৃহ নির্মাণ কৰিছিল৷ ৰাজ্য চৰকাৰে যোৱা জুন মাহত ৰাজভৱনৰ নামত থকা ৪৫০ নং দাগৰ চৰকাৰী ভূমিখিনি বেদখলমুক্ত কৰিবলৈ জিলা প্রশাসনক নির্দেশ জাৰি কৰিছিল৷ লকডাউনৰ বাবে জিলা প্রশাসনে বেলভ্যু হোটেল কর্তৃপক্ষই বেদখল কৰা ভূমি উচ্ছেদ কৰিব পৰা নাছিল৷
চৰকাৰে জাৰি কৰা উচ্ছেদৰ নির্দেশৰ কথা জানিব পাৰি বেলভ্যু হোটেল কর্তৃপক্ষই দখলীৰ স্বত্ব ল’বলৈ পুনৰ নির্মাণকার্য আৰম্ভ কৰে৷ এই কথা জানিব পাৰি আজি মহানগৰ আৰক্ষীৰ সহযোগত জিলা প্রশাসনে বেলভ্যু হোটেল কর্তৃপক্ষই বেদখল কৰা ভূমিত উচ্ছেদ চলায়৷ গুৱাহাটী ৰাজহ চক্র কার্যালয়ৰ চক্র বিষয়া আদিত্য গগৈৰ নেতৃত্বত যোৱা জিলা প্রশাসনৰ দলটোৱে বেলভ্যু হোটেল কর্তৃপক্ষই বেদখল কৰা আঢ়ৈ বিঘা ভূমি বেদখলমুক্ত কৰে৷
ইফালে, বেলভ্যু হোটেল কর্তৃপক্ষই দখল কৰা ভূমিত বসবাস কৰা লোকসকলে আগতীয়া জাননী নিদিয়াকৈ জিলা প্রশাসনে উচ্ছেদ চলোৱা বুলি অভিযোগ উত্থাপন কৰিছে৷ বিগত প্রায় ৩০ বছৰ ধৰি তেওঁলোকে উক্ত স্থানত বসবাস কৰি অহা বুলি দাবী কৰে৷ আনহাতে, ৰাজহ চক্র বিষয়া আদিত্য গগৈয়ে জানিবলৈ দিয়া মতে ৰাজভৱনৰ নামত থকা ৪৫০নং দাগৰ প্রায় আঢ়ৈ বিঘা চৰকাৰী ভূমি বেদখলমুক্ত কৰি ৰাজভৱন কর্তৃপক্ষক চমজাই দিয়ে৷ চৰকাৰী ভূমি বেদখলমুক্ত কৰিবলৈ কোনোধৰণৰ আগতীয়া জাননী দিয়াৰ প্রয়োজন নাথাকে বুলি স্পষ্ট কৰি দিয়ে৷ উল্লেখ্য যে বিগত প্রায় ১২ বছৰ ধৰি বেলভ্যু হোটেলখন বন্ধ হৈ আছিল৷