নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰি চাপৰি নয়াবজাৰ গড়কাপ্তানি পথৰ আধাৰশিলা স্থাপন মন্ত্ৰী নব কুমাৰ দলেৰ

নিয়মীয়া বাৰ্তা, ২০ ছেপ্তেম্বৰঃ লখিমপুৰ জিলাৰ ঘিলামৰা ৰাজ্যিক গড়কাপ্তানি (পথ সংমণ্ডলৰ) অন্তগত সোণাৰি চাপৰি কেকুঁৰি পমুৱা  নয়াবজাৰ গড়কাপ্তানি পথটো আজি পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ৰাজ্যৰ পঞ্চায়ত ও গ্ৰামোন্নয়ন মন্ত্ৰী নব কুমাৰ দলেই ৷

১৯৯৮ চনৰ বিধ্বংসী বানত বিধস্ত হোৱা মাজুলী সংযোগী পথটো পৰৱৰ্তী সময়ত কিছু মেৰামতি কৰা হৈছিল যদিও যাতায়তৰ ব্যৱস্থা সুচল নহয় ৷ ফলত ব্‌হত্বৰ কেকুঁৰি পমুৱা নয়াবজাৰ মাজুলী অঞ্চলৰ জনসাধাৰণে যাতায়তৰ ক্ষেত্ৰত ভোগ কৰি অহা সমস্যা প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক স্ব উন্নয়ণ প্ৰাধাান্য আচঁনিৰ অধীনত ৩ কোটি ৩৫ লাখ টকাৰ ব্যয় সাপেক্ষে চিচি ব্লকেৰে নিৰ্মাণ কৰিব লগা ৪.৫ কিলোমিটাৰ দৈঘ্যৰ পথটো নিৰ্মাণৰ শুভাৰম্ভ কৰে ৷

আজি বিয়লি ৫ বজাত সোণাৰি চাপৰি চাৰিআলিত পথ নিৰ্মাণৰ শুভাৰম্ভ কৰি মন্ত্ৰী গৰাকীয়ে পথ নিৰ্মাণৰ ক্ষেত্ৰত সকলো পক্ষকে গঠনমূলক পৰামৰ্শৰে পথ নিৰ্মাণত সহযোগ কৰিবলৈ আহ্বান জনাই ৷ সভাত গড়কাপ্তানি বিভাগৰ বিষয়া কৰ্মচাৰীৰ . জিলা পৰিষদৰ সভানেত্ৰী,  গাওঁ পঞ্চায়ত আঞ্চলিক পৰিষদৰ বিষয়ববীয়াৰ লগতে শতাধিক দলীয় নেতা কৰ্মীও উপস্থিত থাকে।

You might also like