নিয়মীয়া বাৰ্তা ২৬ ছেপ্টেম্বৰঃ ৰাজ্য কঁপাই যোৱা আৰক্ষী সহকাৰী পৰিদর্শক (এছ আই) নিযুক্তি কেলেংকাৰিৰ অন্যতম খলনায়ক কোন এই দিবন ডেকা? যোৱা ২০ ছেপ্টেম্বৰত এছ আই নিযুক্তিৰ লিখিত পৰীক্ষাৰ প্রশ্নকাকত ফাদিল হোৱাৰ পাছতে নিযুক্তি ব’ৰ্ডৰ অধ্যক্ষ প্রদীপ কুমাৰে প্রশ্নকাকত ফাদিলৰ তথ্য দিয়াৰ বাবে দুপৰীয়া দিবন ডেকাক অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ (চি আই ডি) হাতত গতাই দি দাখিল কৰিছিল এজাহাৰ৷ নিযুক্তি ব’ৰ্ডৰ অধ্যক্ষজনে প্রকাশ কৰা মতে, দিবন ডেকাই পুৱা ১১.৪৫ বজাত উক্ত পৰীক্ষাৰ প্রশ্নকাকত ফাদিল হোৱা বুলি জনোৱাৰ পাছতেই মাতি আনি চি আই ডিৰ জিম্মাত দিছিল দিবন ডেকাক৷ চি আই ডিয়ে দিবন ডেকাক সাধাৰণভাৱে সোধা–পোছা কৰি এৰি দিয়াৰ পাছতেই নিৰুদ্দিষ্ট হৈ আছে এছ আই নিযুক্তি কেলেংকাৰিৰ খলনায়কজন৷ নিৰুদ্দিষ্ট স্থানৰ পৰাই ফেচবুকযোগে দিবন ডেকাই প্রকাশ কৰিছে যে এই কেলেংকাৰিৰ সৈতে জড়িত আছে অসম আৰক্ষীৰ শীর্ষ বিষয়াও৷ ইতিমধ্যে তদন্তকাৰী সংস্থা ক্রাইম ব্রাঞ্চে তালাচী চলাইছে আন এজন অভিযুক্ত অৱসৰপ্রাপ্ত ডি আই জি পি কে দত্তৰ বাসগৃহ আৰু ব্যৱসায়িক প্রতিষ্ঠানত৷ এইখিনিতে প্রশ্ন উঠিছে কি কাৰণে সাধাৰণ সোধা–পোছাৰ পাছতে যাবলৈ দিয়া হ’ল দিবন ডেকাক৷ এছ আই নিযুক্তি কেলেংকাৰি ফাদিল হোৱাৰ পাছতেই এতিয়া পোহৰলৈ আহিছে দিবন ডেকা নামৰ বিজেপিৰ এই বিতর্কিত যুৱ নেতাজন সম্পর্কীয় ন ন তথ্য৷ নলবাৰীৰ পৰা আহি ব্যক্তিগত কোম্পানীত কর্মৰত হৈ থকা দিবন ডেকা কিদৰে গুৱাহাটীত হৈ পৰিল ধনকুবেৰ৷ দিবন ডেকাৰ বৃহৎ সম্পত্তিৰ উৎস কি? এই অনুসন্ধানে পোহৰলৈ আনিছে বিজেপি চৰকাৰৰ কার্যকালত বিভিন্ন বিভাগৰ নিযুক্তিৰ ক্ষেত্রত হোৱা কেলেংকাৰিৰ বিভিন্ন তথ্য৷ উল্লেখ্য যে বিজেপি চৰকাৰৰ কার্যকালত হোৱা পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগ, জনসংযোগ বিভাগ, জলসিঞ্চন বিভাগ, শক্তি বিভাগ আদিৰ নিযুক্তিৰ পৰীক্ষাৰ সৈতে সংযুক্ত হৈ আছে দিবন ডেকাৰ নাম৷
উল্লেখ্য যে হায়দৰাবাদৰ ব্লুম ইলেক্ট্রনিকছ, মুম্বাইৰ এপটেক, কেৰালাৰ কেলট্রন আদি সংস্থাই অনুষ্ঠিত কৰি আহিছে অসম চৰকাৰৰ বিভিন্ন নিযুক্তি পৰীক্ষা৷ বহিঃৰাজ্যৰ এই প্রতিষ্ঠানসমূহৰ অসমস্থিত সহযোগী সংস্থা হিচাপে পৰীক্ষাসমূহ পৰিচালনা কৰিছে এমেইনটেক, অক্ষয় টেলিকমিউনিকেচন, চিটী কনচালটেন্সী, দিশা কমিউনিকেচন আদিয়ে৷ এই স্থানীয় সংস্থাসমূহৰ সৈতে জড়িত আছে দিবন ডেকা নামৰ বিজেপিৰ বিতর্কিত নেতাজন৷ এসময়ত কংগ্রেছৰ এজন ছিণ্ডিকেটৰ সৈতে জড়িত বিতর্কিত যুৱ নেতাৰ ঘনিষ্ঠ সহযোগী ৰূপে পৰিচিত দিবন ডেকাই বিভিন্ন নিযুক্তিৰ নামত প্রার্থীৰ পৰা সংগ্রহ কৰিছিল বৃহৎ পৰিমাণৰ ধন৷ বিশেষকৈ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত সম্পন্ন হোৱা নিযুক্তি প্রক্রিয়াৰ পাছতেই দিবন ডেকাৰ হাতলৈ আহে আলাউদ্দিনৰ চাকি৷ অভিযোগ অনুসৰি পঞ্চায়তৰ এটাকৈ পদত ৮–১০ লাখকৈ সংগ্রহ কৰা এই খলনায়কজনে প্রায় ৫০টা পদত ব্যাপক অনিয়মেৰে নিযুক্তি দিবলৈ সক্ষম হৈছিল নিজ প্রার্থীক৷ ইয়াৰ পাছতেই সলনি হৈ পৰে দিবন ডেকাৰ জীৱনযাত্রা৷ ইখনৰ পাছত সিখন বিলাসী গাড়ী, বিলাসী ফ্লেটৰ গৰাকী হৈ পৰে নিযুক্তি কেলেংকাৰিৰ খলনায়কজন৷ বিজেপিৰ ৰাজ্যিক কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত অবাধ ৰাজত্ব চলা দিবন ডেকাই তথ্য আৰু জনসংযোগ বিভাগৰ নিযুক্তিৰ ক্ষেত্রতো ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ আনকি তেওঁৰ পত্নীক সন্দেহজনক অভিজ্ঞতাৰ প্রমাণ–পত্র দাখিল কৰি জনসংযোগ বিভাগত সংস্থাপিত কৰা বুলিও অভিযোগ উত্থাপন হৈ আহিছে দিবন ডেকাৰ বিৰুদ্ধে৷ মুখ্যমন্ত্রী কার্যালয়ৰ এজন অস্থায়ী বিষয়াৰ সহযোগত জনসংযোগত এই খলনায়কজনে লুণ্ঠনৰ হাতোৰা চলোৱা বুলি অভিযোগ আছে৷ অভিযোগ অনুসৰি উক্ত অস্থায়ী বিষয়াগৰাকীৰ পাঁচজন অঙহী–বঙহীক জনসংযোগৰ একেটা নিযুক্তি পৰীক্ষাৰ জৰিয়তে সংস্থাপিত কৰিছিল৷ এছ আই কেলেংকাৰিৰ প্রশ্ণকাকত ফাদিলৰ অন্যতম খলনায়ক প্রাঞ্জল বৰুৱাৰ সৈতে ঘনিষ্ঠ দিবন ডেকাই কিদৰে ৰাজ্য চৰকাৰৰ সকলো বিভাগৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব লাভ কৰে, সেয়া এক বৃহৎ প্রশ্ণ হৈ পৰিছে৷
ইতিমধ্যে দিবন ডেকাই সদৰী কৰা মতে, এছ আই নিযুক্তি পৰীক্ষা অনুষ্ঠিত হোৱাৰ পূর্বেই তেওঁৰ হাতলৈ আহিছিল প্রশ্ণকাকত৷ দিবন ডেকাৰ হাতলৈ কেনেদৰে প্রশ্ণকাকত আহি পালে, সেয়া এই মুহূর্তত সবাতোকৈ বৃহৎ প্রশ্ণ হৈ পৰিছে৷ অনুসন্ধান অনুসৰি এই হাতেলিখা প্রশ্ণকাকতেৰে দিবন ডেকাই দিছপুৰ লাষ্টগেটৰ থেংক ইউ লজ আৰু সুন্দৰপুৰৰ এটা বাসগৃহত ধন সংগ্রহ কৰা প্রার্থীসকলৰ মাজত মূল পৰীক্ষাৰ আগদিনা অনুশীলন কৰাইছিল লিখিত পৰীক্ষাৰ৷ কিন্তু কিয় দিবন ডেকাই নিজেই পাছত পৰীক্ষা অনুষ্ঠিত হৈ থকা সময়ত নিযুক্তি ব’ডৰ অধ্যক্ষক প্রশ্ণকাকত ফাদিল হোৱাৰ তথ্য অৱগত কৰিলে, সেয়া এক ৰহস্য হৈ পৰিছে৷ অভিযোগ অনুসৰি অনুশীলন কৰোৱা প্রার্থীতকৈ প্রায় পাঁচগুণ বেছি প্রার্থীৰ পৰা ধন সংগ্রহ কৰা দিবন ডেকাই কৌশলপূর্ণভাৱে পৰীক্ষা স্থগিত ৰখাৰ চেষ্টা চলাইছিল৷ উল্লেখ্য যে ২০১১ চনত বৰক্ষেত্রী সমষ্টিৰ পৰা বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা আগবঢ়োৱা দিবন ডেকাৰ কু–কীর্তিৰ তালিকাখনে বহু দীঘলীয়া৷ অসম চৰকাৰৰ হাঁহ–কুকুৰা উন্নয়ন নিগমৰ অধীনত হাঁহ–কুকুৰা ফার্ম খোলাৰ নামত ভুৱা তথ্য দাখিল কৰি বৃহৎ পৰিমাণৰ চৰকাৰী ধনৰ লুণ্ঠন চলোৱাৰ অভিযোগ আছে দিবন ডেকাৰ বিৰুদ্ধে৷ আনকি নাগালেণ্ডত চোৰাং কয়লাৰ ব্যৱসায়তো নামিছিল নিযুক্তি কেলেংকাৰিৰ এই খলনায়কজন৷ দিবন ডেকাৰ ফেচবুক একাউণ্টতেই প্রমাণ আছে এনে বহু কলংকিত ব্যৱসায়ৰ৷ আনকি নাগালেণ্ডত কয়লা ব্যৱসায়ৰ নামত বিতর্কিত বিধায়কৰ সৈতে ফেচবুকত ফটো আপলোড কৰা, বিজেপিৰ প্রভাৱশালী নেতাৰ সৈতে ফটো উঠি ফেচবুকত আপলোড কৰি নিজৰ প্রভাৱ বিস্তাৰৰ কৌশল গ্রহণ কৰিছিল এইজন কলংকিত খলনায়কে৷ এনেদৰে ছলে–বলে–কৌশলে নিজৰ প্রভাৱ বিস্তাৰ কৰি গুৱাহাটী মহানগৰীত সম্পত্তিৰ পাহাৰ গঢ়িবলৈ সক্ষম হয় দিবন ডেকা৷ দিবন ডেকা সন্দর্ভত বিজেপিৰ ৰাজ্যিক কমিটী মৌন হৈ থকাৰ বিপৰীতে আৰক্ষীয়েও বিচাৰি পোৱা নাই এই কুখ্যাত খলনায়কজনক৷ ইয়াৰ আঁৰতেই লুকাই আছে দিবন ডেকাৰ একা–বেঁকা পথেৰে আহি চৰকাৰৰ বৰঘৰত প্রৱেশ কৰাৰ ৰহস্য৷