নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিচি নির্বাচনৰ পূর্বে সমষ্টি বৃদ্ধিৰ দাবী মহাসভাৰ

নিয়মীয়া বাৰ্তা, ২ছেপ্টেম্বৰঃ অবিভক্ত গোৱালপাৰা জিলাক লৈ কমতাপুৰ স্বায়ত্ত শাসন প্রদান কৰা বাবে ৰাজ্য চৰকাৰক ধন্যবাদ জনায় কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে৷ বাক্সা জিলাৰ বৰমাত এখন সংবাদ মেলত তেওঁ কোচ ৰাজবংশীসকলৰ দীর্ঘদিনীয়া পৃথক কমতাপুৰ আৰু জনজাতিকৰণৰ দাবী পূৰণ নকৰিলে আগন্তুক বিধানসভা নির্বাচনত বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি কোচ ৰাজবংশী লোকক লৈ প্রতিবাদী গণ আন্দোলন গঢ়ি তুলিব বুলি সকীয়াই দিয়ে৷ বিজেপি চৰকাৰে শাসনলৈ অহাৰ পূর্বে কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ প্রতিশ্রুতি দিও সেই প্রতিশ্রুতি ৰক্ষা কৰাত চৰম ব্যর্থ হোৱাৰ অভিযোগ কৰে বিশ্বজিৎ ৰায়ে৷ সংবাদ মেলত বিটিআৰ চুক্তিৰ আধাৰত বিটিচি পৰিষদীয় সমষ্টি ৬০টালৈ বৃদ্ধি কৰি কোচ ৰাজবংশী লোকৰ প্রতিনিধিৰ কাৰণে অতিকমেও ১৫খন আসন সংৰক্ষণ কৰাৰ দাবী কৰে তেওঁ৷ সমষ্টি বৃদ্ধিৰ কাম নোহোৱা পর্যন্ত বি টি চি নির্বাচন অনুষ্ঠিত নকৰিবলৈ নির্বাচনী আয়োগক আহ্বান জনায় বিশ্বজিৎ ৰায়ে৷

আনহাতে, বি টি আৰ চুক্তিৰ আধাৰত ক্ষমতাৰ বিকেন্দ্রীকৰণ কৰি বি টি আৰত কোচ ৰাজবংশীৰ লোকক মনোনীত সদস্য ৰাখি পূর্বৰ বিটিএডিত ৫০ শতাংশৰ অধিক অবডো থকা লোকৰ গাঁও বি টি আৰৰ পৰা কর্তন কৰিবলৈ আহ্বান জনায় তেওঁ৷ সমাগত বি টি চি পৰিষদীয় নির্বাচনত কোচ ৰাজবংশী মহাসভাই কোনটো ৰাজনৈতিক দলক সমর্থন দিব, সেই বিষয়ে মন্তব্য ৰখাৰ পৰা বিৰত থাকি সময়ত কোচ ৰাজবংশী মহাসভাই সিদ্ধান্ত গ্রহণ কৰাৰ ইংগিত দিয়ে বিশ্বজিৎ ৰায়ে৷ সংবাদ মেলৰ পূর্বে কোচ ৰাজবংশী জাতীয় মহাসভাৰ বাক্সা জিলা সমিতিখন গঠন কৰে৷ বি পি এফ কর্মী ভূপেন ৰায়ক সভাপতি আৰু বিজেপিৰ বাক্সা জিলা অ’বিচি মর্চাৰ সাধাৰণ সম্পাদক ৰবীন ৰাজবংশীক সম্পাদক হিচাপে লৈ ৩১জনীয়া বাক্সা জিলা জাতীয় মহাসভাৰ সমিতিখন গঠন কৰা হয়৷

You might also like