জীৱনৰ সংজ্ঞা
প্রত্যেকজন মানুহেই মৰে কিন্তু প্রত্যেকজন মানুহে জীয়াই নাথাকে
-উইলিয়াম ৱালেচ
এবাৰ পেৰিছৰ এখন বাতৰিকাকতে পাঠকসকলক উদ্দেশ্য কৰি এটা প্রশ্ণ সুধিছিল– ‘আৰু মাত্র কেইদিনমানৰ ভিতৰতে পৃথিৱীখন শেষ হ’ব বুলি জানিলে আপুনি কি কৰিব?’
এখন কিতাপত এই প্রশ্ণটো পঢ়াৰ পিছত মই নিজকে প্রশ্ন কৰিলোঁঃ ‘আৰু মাত্র এসপ্তাহ বা দহ দিনৰ ভিতৰত পৃথিৱীখন মহাশূন্যত বিলীন হৈ যাব বুলি নিশ্চিতভাৱে জানিলে তুমি নিজে কি কৰিবা?’
মোৰ মনৰ পৰা ওপৰা–উপৰিকৈ কেইবাটাও উত্তৰ ওলাই আহিল৷ এটা উত্তৰেও মোক সন্তুষ্ট কৰিব নোৱাৰিলে৷ কিছু সময় চিন্তা কৰাৰ পিছত মই উপলব্ধি কৰিলোঁ যে মানুহক এনেবোৰ কাল্পনিক প্রশ্ণ কৰাৰ একমাত্র উদ্দেশ্য হ’ল তেওঁক আত্মপৰীক্ষাৰ সুযোগ দিয়া৷ এই সুযোগ গ্রহণ কৰি মই নিজকে পৰীক্ষা কৰিবলৈ চেষ্টা কৰি আছোঁ৷ স্কুল–কলেজৰ পৰীক্ষাত বহিবলৈ যেনেকৈ দীঘলীয়া প্রস্তুতি লাগে, ঠিক তেনেকৈ আত্মপৰীক্ষাৰ কাৰণেও দীঘলীয়া প্রস্তুতিৰ প্রয়োজন হয়৷
মোৰ কথা ইমানতে এৰি মই আকৌ পেৰিছৰ বাতৰিকাকতখনৰ প্রশ্ণটোলৈ ঘূৰি যাব খোজোঁ৷ বাতৰিকাকতখনে শ শ পাঠকৰ পৰা প্রশ্ণটোৰ উত্তৰ পাইছিল৷ আটাইতকৈ চিন্তনীয় আৰু স্মৰণীয় উত্তৰটো দিছিল মার্ছেল প্রূষ্টে৷ আধুনিক কালৰ অতি বিখ্যাত আৰু প্রভাৱশালী লেখকসকলৰ ভিতৰত এজন হ’ল ফৰাচী ঔপন্যাসিক মার্ছেল প্রূষ্ট৷ তেওঁৰA is La Recherche du Temps Perdu (In search of lost Time) আধুনিক বিশ্ব–সাহিত্যৰ এক মহৎ কীর্তিস্তম্ভ বুলি পৰিগণিত হৈছে৷
বাতৰিকাকতখনৰ প্রশ্ণটোৰ উত্তৰত মার্ছেল প্রূষ্টে লিখিছিল– ‘মই ভাবোঁ যে আৰু মাত্র কেইদিনমানৰ ভিতৰত যিকোনো এদিন আমি সকলো মানুহ মৰিম বুলি নিশ্চিতভাৱে জানিলে জীৱনটো হঠাৎ আমাৰ চকুত অতি বিস্ময়কৰ হৈ উঠিব৷ মৃত্যু আহিবলৈ দেৰি আছে বুলি জানিলে জীৱনৰ এই ৰূপটো আমাৰ চকুত নপৰে৷ আমাৰ আলস্যই তাক আমাৰ পৰা অদৃশ্য কৰি ৰাখে৷ ভাবিবলৈ চেষ্টা কৰকচোন– আমি কৰিবলগীয়া কিমান কামক, আমি গভীৰভাৱে অনুভৱ কৰিবলগীয়া কিমান প্রেমক, আমি পঢ়িবলগীয়া কিমান কিতাপক জীৱন নামৰ এই বস্তুটোৱে আমাৰ পৰা গোপন কৰি ৰাখে৷’
জীৱনে আমাৰ পৰা গোপন কৰি ৰাখে আমাৰ কর্মক, আমাৰ প্রেমক, আমাৰ কিতাপক? এই গোটেইবোৰ বস্তু জীৱনৰেই অংগীভূত নহয়? কর্মই জীৱন৷ প্রেম মানৱ হূদয়ৰ মহত্ত্বম অভিজ্ঞতা৷ কিতাপৰ উৎসই হ’ল জীৱন৷ কিন্তু প্রূষ্টৰ কথাৰ পৰা এনেহে ধাৰণা হয়– যেন জীৱনৰ লগত এইবোৰ বস্তুৰ কোনো সম্পর্ক নাই৷ বৰং এইবোৰ বস্তু আৰু আমাৰ মাজত জীৱন হৈ পৰিছে এক দুর্লংঘ্য প্রাচীৰ কিন্তু প্রূষ্টৰ কথা যদি আমি অলপ গভীৰভাৱে চিন্তা কৰি চাওঁ, তেতিয়াহ’লে এই কথা উপলব্ধি কৰিবলৈ আমাৰ বেছি সময় নালাগিব যে যিটো বস্তুক আমি সকলো সময়তে জীৱন বুলি ভুল কৰি থাকোঁ বা জীৱনটো যাপন কৰিছোঁ বুলি আত্মপ্রসাদ লাভ কৰি থাকোঁ, সেইটো কেতিয়াও প্রকৃত জীৱন নহয়৷ আনহাতে, সিয়েই যদি জীৱন হয়, তেন্তে সি কেতিয়াও জীয়াই থকাৰ যোগ্য নহয়৷
স্থূলতম অর্থত আমি জীৱন বুলি ক’লে ঘাইকৈ তিনিটা বস্তু বুজি পাওঁ ঃ আহাৰ, মৈথুন আৰু নিদ্রা৷ আদিম মানুহে কেঁচা মাংস খাইছিল, বহু যুগৰ সাধনাৰ দ্বাৰা মানুহে আহাৰ সুস্বাদু কৰাৰ কামটোক পৰিণত কৰিছে এটা জটিল শিল্প–কর্মত৷ কিন্তু মূলতঃ আহাৰ আহাৰেই সি কেঁচা মাংসই হওক বা ছেভেন ষ্টাৰ হোটেলত পৰিৱেশন কৰা ছেভেন ক’ছ ডিনারেই হওক৷ এজন ৰসিকে কোৱাৰ দৰে– কেলিবানে (নৰখাদক) নৰমাংস খাবলৈ কাঁটা–চামুচ ব্যৱহাৰ কৰিলেও সি কেলিবান হৈয়েই থাকে৷ মানুহৰ জীৱনৰ এক বিপুল পৰিমাণৰ সময় অতিবাহিত হয় কেৱল আহাৰ সংগ্রহ, প্রস্তুত আৰু ভক্ষণ কৰাৰ কামত৷ মানুহ যিমানেই বেছিকৈ তথাকথিত ‘সভ্য’ হৈছে, সিমানেই বেছিকৈ মানুহ মতলীয়া হৈছে বিচিত্র সুস্বাদু আহাৰৰ নিচাত৷ বেছি দূৰলৈ নগৈ কেৱল আপোনাৰ নিজৰ চহৰখনৰ চৌদিশে এবাৰ চকু ফুৰাই চাওকচোন, চুবুৰিয়ে চুবুৰিয়ে কাঠফুলাৰ দৰে গজি উঠা হোটেল–ৰেস্তোৰাঁবোৰত্ খাদ্যলোভীৰ ভিৰত বিৰ দি বাট নোপোৱা অৱস্থা একে সময়তে কিতাপৰ দোকান আৰু পুথিভঁৰালবোৰলৈ নামি আহিছে মৰিশালিৰ নিস্তব্ধতা৷ মানুহ যে ক্রমাৎ বেছিকৈ ‘সভ্য’ হ’ব ধৰিছে সেই বিষয়তো সন্দেহৰ কোনো অৱকাশ নাই৷
বাকী থাকিল মৈথুন আৰু নিদ্রা৷ নিদ্রাৰ বিষয়ে বেছি কথা কোৱাৰ দৰকাৰ নাই মানুহে জীৱনৰ এক তৃতীয়াংশ সময় নিদ্রিত হৈয়েই থাকিব লগা হয় আৰু জীৱন–ৰক্ষাৰ কাৰণে সি অপৰিহার্য৷ কিন্তু মৈথুন? মৈথুন এটা জৈৱিক আৰু আৱেগিক প্রয়োজন৷ আহাৰৰ নিচিনাকৈ মৈথুনো মানুহৰ এটা মৌলিক প্রয়োজন৷ কিন্তু আধুনিক মানুহে মৈথুনক পৰিণত কৰি তুলিছে এটাobsessionত৷ চিনেমাত ছেক্স, বিজ্ঞাপনত ছেক্স, টিভিত ছেক্স, ইণ্টাৰনেটত ছেক্স, সাজ–পোছাকত ছেক্স,… মানুহৰ জীৱনৰ পৰা কবিতাই মেলানি মাগিছে, তাৰ ঠাই দখল কৰিছে বিৰংসাই, নাৰীমাংস–লোলুপতাই, বল্গাহীন যৌনতাই৷ অর্থাৎ মানুহ আগতকৈ বেছি সভ্য হৈছে৷
কিন্তু কেৱল আহাৰ, মৈথুন আৰু নিদ্রাই যদি জীৱন হয়, তেন্তে ইতৰ প্রাণীৰ লগত মানুহৰ পার্থক্য থাকিল কি? যিকেইটা মৌলিক প্রয়োজন আৰু সহজাত প্রবৃত্তিয়ে মানুহক ইতৰ প্রাণীৰ পৰা অভিন্ন কৰি ৰাখিছে সেইকেইটা হ’ল– আহাৰ, মৈথুন আৰু নিদ্রা৷ যিকেইটা বস্তুৱে মানুহক ইতৰ প্রাণীৰ পৰা পৃথক কৰিছে সেইকেইটা হ’ল– চেতনা, কল্পনা আৰু শৰীৰৰ সীমা অতিক্রম কৰিব খোজা একপ্রকাৰৰ আধ্যাত্মিক তাড়না৷ কিন্তু বেছিভাগ মানুহেই– শতকৰা নিৰান্নব্বৈজন মানুহেই– নিজৰ চেতনাক উদ্দীপিত আৰু প্রসাৰিত কৰাৰ কোনো প্রয়োজন অনুভৱ নকৰে৷ তেওঁলোকৰ জীৱনত কল্পনাৰ বিশেষ একো ভূমিকা নাই৷ গোটেই জীৱন তেওঁলোক স্বেচ্ছাবন্দী হৈ থাকে শাৰীৰিকতাৰ ক্ষুদ্র কাৰাগাৰত৷ আহাৰ, মৈথুন আৰু নিদ্রাৰ কাৰণে খৰচ কৰা সময়খিনি বাদ দি যিখিনি সময় অৱশিষ্ট থাকে, সেইখিনিৰো বেছিভাগ খৰচ কৰা হয় আলস্যৰ নিচাত, পৰচর্চাত, সস্তীয়া আমোদ–প্রমোদত, ধন আৰু ক্ষমতাৰ মৰীচিকা খেদি, একমাত্র নিজৰ বাহিৰে আন সকলোকে সমালোচনা কৰি, কুৎসা ৰটনা কৰি, আনক নিন্দা আৰু ঈর্ষা কৰি (‘জীৱনৰ পণ্য চেয়েছে ডুবিয়ে দিতে নিন্দাৰ তলায় পংকেৰ মধ্যে’ –ৰবীন্দ্রনাথ)৷ দৰিদ্রসকলৰ জীৱনৰ বেছিভাগ সময় অতিবাহিত হয় কেৱল নিজক আৰু নিজৰ পৰিয়ালক জীয়াই ৰখাৰ প্রাণান্তকৰ প্রয়াসত৷ এগৰাকী ইংৰাজ লেখিকাই কোৱাৰ দৰে–This living kills me৷ ৰবীন্দ্রনাথৰ ভাষাত– ‘শুধু দিন যাপনেৰ, শুধু প্রাণ ধাৰণেৰ গ্লানি৷’
ধনী–দুখীয়া, শিক্ষিত–শিক্ষিত নির্বিশেষে বেছিভাগ মানুহৰ কাৰণে এইটোৱেই হ’ল জীৱন৷ কিন্তু প্রকৃত অর্থত ইয়াকো জীৱন বুলি ক’ব পাৰিনে? একেবোৰ তুচ্ছতা, স্থূলতা, কামনা–বাসনা আৰু অভিজ্ঞতাৰ অন্তহীন পুনৰাবৃত্তি ঘটাই থাকিবলৈকে মানুহ কিয় অমৰ হ’ব লাগে? কিয় দেখিব লাগে অমৰত্বৰ স্বপ্ণ? প্রায় দুহাজাৰ বছৰৰ আগতে গ্রীক কবি মিনাণ্ডাৰে (খ্রীঃ পূঃ ৩৪২–২৯১) লিখা এটা কবিতাত শুনা গৈছিল মানুহৰ এই কৰুণ হাহাকাৰ ঃ ‘পার্মেনো, মই কেৱল সেইজন মানুহকেই আটাইতকৈ সুখী বুলি কওঁ– যিজন মানুহে নিতৌ মানুহৰ চকুত পৰা সূর্য, মেঘ, সমুদ্র, তৰা আৰু অগ্ণিক এবাৰ ভালকৈ দেখাৰ পিছত তেওঁ য’ৰ পৰা আহিছিল ত’লৈকে লৰালৰিকৈ ঘূৰি যাব পাৰে৷ তুমি দুবছৰ–তিনি বছৰ জীয়াই থাকা বা এশ বছৰেই জীয়াই থাকা– একেবোৰ বস্তুকেই সদায় দেখি থাকিবা ইয়াতকৈ বেছি ভাল বা ধুনীয়া বস্তু তুমি কেতিয়াও দেখিবলৈ নাপাবা৷’
মার্ছেল প্রূষ্টে যেতিয়াই কৈছিল যে আমাৰ কৰিবলগীয়া কামবোৰক, অনুভৱ কৰিবলগীয়া প্রেমবোৰক আৰু পঢ়িবলগীয়া কিতাপবোৰক জীৱনে আমাৰ পৰা লুকুৱাই ৰাখে, তেওঁ বুজাব খুজিছিল কেৱল দিন–যাপনৰ আৰু কেৱল প্রাণ–ধাৰণৰ গ্লানিৰে ভৰা আহাৰ–মৈথুনসর্বস্ব জীৱনৰ কথা৷ অর্থাৎ আমি কেৱল জীয়াই থকাৰ আৰু সময় কটোৱাৰ যিটো যান্ত্রিকভাৱে পুনৰাবৃত্ত প্রক্রিয়াক জীৱন বুলি কওঁ, সেইটো কেতিয়াও প্রকৃত জীৱন হ’ব নোৱাৰে৷ কেৱল সিয়েই যদি জীৱন হয়, তেন্তে ইতৰ প্রাণীৰ লগত মানুহৰ বিশেষ একো পার্থক্য নাথাকিব৷ জীৱনৰ যিটো উন্নত আৰু পৰিশীলিত ৰূপ মানুহৰ কাম্য হোৱা উচিত, সি নিশ্চয় অভ্যাসৰ ধূলিয়ে ধূসৰ কৰি ৰখা জীৱনতকৈ অনেক গুণে বেছি সুন্দৰ আৰু অর্থময় আৰু ৰহস্যময়৷
টলষ্টয়েও তেওঁৰ ‘আইভান ইলিছৰ মৃত্যু’ নামৰ বিখ্যাত গল্পটোত একেটা কথাকে কৈছে নিজৰ ভাষাৰে৷ বিশেষভাৱে মন কৰিবলগীয়া কথাটো হ’ল এই যে ছল বেল’ৱে সাহিত্যৰ নোবেল পুৰস্কাৰ গ্রহণ কৰি দিয়া তেওঁৰ বত্তৃণতাত (১৯৭৬) একেটা প্রসংগত প্রায় একেটা উশাহতে টলষ্টয় আৰু মার্ছেল প্রূষ্ট দুয়োজনৰে নাম লৈছে৷ টলষ্টয়েও কৈছে যে যিটো বস্তুক আমি জীৱন বুলি ভুল কৰোঁ সি কেতিয়াও প্রকৃত জীৱন নহয়৷ এইFalse life বা নকল জীৱনে জীৱন আৰু মৃত্যুৰ প্রকৃত অর্থক আমাৰ পৰা গোপন কৰি ৰাখে৷ আমি প্রায় গোটেই জীৱন ধৰি যিবোৰ তুচ্ছতাত লেটি লৈ থাকোঁ তাৰ ওপৰলৈ উঠি অন্য এক জীৱনৰ অভিজ্ঞতা পাবলৈ চেষ্টা নকৰালৈকে প্রকৃততে আমি বঞ্চিত হৈ থাকিম জীৱনৰ আটাইতকে মূল্যৱান উপহাৰবোৰৰ পৰা৷